বিজেপিৰ এজেন্ট এ আই ইউ ডি এফেৰে মিত্ৰতা অসম্ভৱ: প্ৰদ্যুৎ বৰদলৈ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 5:08 PM IST

thumbnail

নগাঁও, 8 ডিচেম্বৰ: মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ । এ আই ইউ ডি এফক এইবাৰ প্ৰত্যক্ষভাৱে আক্ৰমণৰ লক্ষ্য কৰি ল’লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । শুকুৰবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এ আই ইউ ডি এফক বিজেপিৰ এজেন্ট আখ্যা দিলে প্ৰদ্যুৎ বৰদলৈয়ে । বিজেপি আৰু এ আই ইউ ডি এফ দুয়োটা দলেই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা বুলি মন্তব্য কৰে সাংসদ বৰদলৈয়ে । লগতে কংগ্ৰেছ ডাইন'ছৰ নহয় বুলি উল্লেখ কৰি কংগ্ৰেছে সদায় আত্মসমালোচনা কৰে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সংগঠিত বিৰোধী ঐক্যত এ আই ইউ ডি এফৰ চামিলক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা অব্যাহত থকাৰ সময়ত এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰো বিৰোধিতা কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.