ETV Bharat / state

লোকসভা নিৰ্বাচনত অসমত ৬ খন আসনত কংগ্ৰেছক জয়ৰ স্বপ্ন দেখুৱাইছে আজমলে

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 8:12 PM IST

Updated : Dec 7, 2023, 8:41 PM IST

alliance with congress
AIUDF chief Badruddin Ajmal

বিৰোধী শক্তিৰ সৈতে মিত্ৰতাৰ বাবে এতিয়াও আশা এৰি দিয়া নাই এ আই ইউ ডি এফ প্ৰমুখ বদৰুদ্দিন আজমলে ৷ চাৰি ৰাজ্যত কংগ্ৰেছৰ হতাশাজনক প্ৰদৰ্শনৰ পিচত আজমলে এইবাৰ দেখুৱাইছে লোকসভা নিৰ্বাচনত বিজয়ৰ সপোন ৷ অসমৰ পৰা কংগ্ৰেছক কমেও 6 খন আসনত জয়ী কৰোৱাৰ গেৰান্টি লৈছে আজমলে ৷

নতুন দিল্লী, ৭ ডিচেম্বৰ: পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিফলতাৰ পিছত অসমত কংগ্ৰেছক লোকসভাৰ স্বপ্ন দেখুৱাইছে বদৰুদ্দিন আজমলে ৷ ৬ খন আসনত আজমলে জয়ৰ স্বপ্ন দেখুৱাইছে কংগ্ৰেছক ৷ কংগ্ৰেছক পুনৰ মিত্ৰতাৰ প্ৰস্তাৱ আজমলৰ ৷ একেবাৰে শেষ মুহূৰ্তলৈকে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱৰ বাবে অপেক্ষা কৰিব বদৰুদ্দিন আজমলে ৷ দিল্লীত বৃহস্পতিবাৰে ঘোষণা সাংসদ বদৰুদ্দিন আজমলৰ ৷

২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটামান মাহ বাকী ৷ এতিয়ালৈ AIUDFক কংগ্ৰেছে মিত্ৰ হিচাবে লোৱাৰ কোনো লক্ষণেই দেখা পোৱা হোৱা নাই ৷ তাৰ মাজতে সাংসদ বদৰুদ্দিন আজমলৰ দিল্লীত ২০২৪ৰ অসমৰ ৰাজনীতি আৰু কংগ্ৰেছ দলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনত দেশৰ বিৰোধী ৰাজনৈতিক সন্মিলিত শক্তি I.N.D.I.A. ৰ অংশীদাৰ হোৱাৰ আশা এতিয়াও পৰিত্যাগ কৰা নাই AIUDF ৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলে ৷ মুকলিকৈয়ে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিলে বদৰুদ্দিন আজমলে ৷

“শেষৰ দিনটোলৈকে কংগ্ৰেছৰ বাবে দুৱাৰ খোলা থাকিব এআইইউডিএফৰ ৷ শেষ পৰ্যন্ত অপেক্ষা কৰিম আমি ৷” প্ৰথমেই কংগ্ৰেছলৈ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে অসমত মিত্ৰতাৰ প্ৰস্তাৱ আজমলৰ ৷ কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱাৰ ক্ষেত্ৰত আশাবাদী বুলি মন্তব্য আজমলৰ ৷ কিন্তু লগতে তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লৈ পুনৰ এবাৰ প্ৰকাশ কৰিলে নিজৰ অসন্তুষ্টি । ভূপেন বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা আঁতৰোৱাৰ পোষকতা কৰিলে আজমলে ৷

মিত্ৰতাৰ প্ৰস্তাৱেৰে অসমত কংগ্ৰেছক ৬ খন লোকসভা আসনত জয় লাভৰ সপোন দেখুৱাইছে আজমলে ৷ আজমলৰ মতে AIUDF ৰে কংগ্ৰেছে মিত্ৰতা কৰিলে লাভান্বিত হ’ব কংগ্ৰেছ ৷ আজমলৰ সৈতে মিত্ৰতা কৰিলে লোকসভাত কংগ্ৰেছে পাব ৬ খনকৈ আসন ৷ লগতে AIUDF য়েও পাব ৩ খন আসন ৷ মিত্ৰতা নকৰিলে ৰাজ্যত ১ খন আসনতে সীমাৱদ্ধ হৈ থাকিব লাগিব কংগ্ৰেছ ৷ আজমলৰ এই স্বপ্ন বিলাসে কংগ্ৰেছক মিত্ৰতাৰ প্ৰতি আগ্ৰহী কৰিব পাৰিবনে ? সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: ভূপেন বৰাৰ বন্ধাকবিক ফটা ওলকবিৰে তুলনা বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ

Last Updated :Dec 7, 2023, 8:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.