ভূপেন বৰাৰ বন্ধাকবিক ফটা ওলকবিৰে তুলনা বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 5:15 PM IST

thumbnail

মৰাণ, 7 ডিচেম্বৰ: শেহতীয়াকৈ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাচতে কেন্দ্ৰত সংগঠিত I.N.D.I মিত্ৰজোঁট আৰু অসমত গঠন হোৱা বিৰোধী ঐক্যমঞ্চত ভাঙোন আহিব বুলি ৰাজনৈতিক মহলত ব্যাপকভাৱে চৰ্চা চলিছে । এই চৰ্চা চলাৰ মাজতেই বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰে যে "বন্ধাকবিৰ দৰে বান্ধ খাই আছে বিৰোধী ঐক্য” । 

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই মন্তব্যত যেন হাঁহিৰ খোৰাক বিচাৰি পাইছে বিজেপি দলে ৷ ডিব্ৰুগড়ৰ খোৱাঙত মৰাণ সমষ্টিৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে ভূপেন বৰাৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । তেওঁ কয়, "বন্ধাকবি যেনেদৰে বান্ধে, ওলকবি ফটাৰ দৰে কেতিয়াবা ফাটিও যায় । বিৰোধী ঐক্য বা I.N.D.I মিত্ৰজোঁটৰ এতিয়া কোনো কাম নাই । তিনি ৰাজ্যত বিজেপিয়ে জয় লাভ কৰাৰ পিছতে বিৰোধী ঐক্যত ফাট মেলিছে । I.N.D.I মিত্ৰজোঁটৰ পৰা এতিয়া মানুহ আঁ‌তৰিছে । মোদী ধুমুহাৰ মাজত এই বিলাক 2024 ৰ নিৰ্বাচনত অস্তিত্বহীন হৈ যাব।" 

উল্লেখ্য যে বুধবাৰে দিল্লীত অনুষ্ঠিত I.N.D.I ৰ বৈঠকত ভাগ নল’লে তৃণমূল কংগ্ৰেছে ৷ মমতা বেনাৰ্জী বা তেওঁৰ দলৰ একে বাৰে নিম্ন স্তৰৰ কোনো এগৰাকী সদস্যও তাত উপস্থিত নাছিল ৷ যাৰ ফলত এতিয়া দেশজুৰি এই বিষয়ক লৈ চৰ্চা হৈছে ৷ 

লগতে পঢ়ক: বিজেপিৰ সংসদীয় বৈঠক: ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰী বাচনিক লৈ উৎকণ্ঠা অব্যাহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.