ETV Bharat / bharat

বিজেপিৰ সংসদীয় বৈঠক: ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰী বাচনিক লৈ উৎকণ্ঠা অব্যাহত

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 1:29 PM IST

BJP Parliamentary meet
বিজেপিৰ সংসদীয় বৈঠক

সংসদৰ শীতকালীন অধিবেশনৰ মাজতেই তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী বাচনিক লৈ বিজেপিৰ সংসদীয় কমিটিৰ বৈঠক ৷ তিনি ৰাজ্যত আগন্তুক পাঁচ বছৰৰ বাবে নতুন মন্ত্ৰীসভাৰ নেতৃত্ব দিবলৈ সম্ভাৱ্য মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচিত কৰাটো বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । ইফালে বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যিক নিৰ্বাচনত জয়ী হোৱা বৰ্তমানৰ দলসমূহৰ তথ্যৰ উদ্ধৃতি দি শাসনৰ বাবে বিজেপিয়ে সৰ্বাধিক পছন্দৰ দল বুলি দাবী কৰে ।

নিউজ ডেস্ক, ৭ ডিচেম্বৰ: ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ দখললৈ অহা তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী বাচনিক লৈ বিজেপি দলৰ মাজত গুণাগাঁথা অব্যাহত আছে ৷ ইতিমধ্যে মিজোৰামত জোৰাম পিপলছ মুভমেন্টে লালডুহোমা আৰু তেলেংগানাত কংগ্ৰেছ দলে ৰেৱন্ত ৰেড্ডীক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছে ৷ এতিয়া সকলোৰে দৃষ্টি বিজেপি দলৰ ওপৰত; ছত্তীশগড়, ৰাজস্থান আৰু মধ্য প্ৰদেশত কোন হ’ব মুখ্যমন্ত্ৰী ! এই উৎকণ্ঠাৰ মাজতেই আজি অৰ্থাৎ বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে বিজেপিৰ সংসদীয় বৈঠকত ৷

বিজেপি দলে জয়লাভ কৰা তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক বাচনি কৰিবলৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ আৰু অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত দলটোৰ সংসদীয় কমিটিৰ বৈঠক অনুষ্ঠিত হৈছে । শীতকালীন অধিৱেশনৰ সদনৰ চতুৰ্থ দিনৰ কাৰ্যবিধি আৰম্ভ হোৱাৰ পূৰ্বে বিধানসভা নিৰ্বাচনত দলটোৱে বিজয় সাব্যস্ত কৰা তিনিখন ৰাজ্য-ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী নিৰ্বাচনক লৈ সংসদৰ বালায়োগী অডিটৰিয়ামত দলটোৱে প্ৰথমখন বৈঠকত মিলিত হয় ৷ ইয়াৰ বাবে আজি পুৱা ভাগতেই সংসদত উপস্থিত হয় সাংসদসকল ।

উল্লেখ্য যে, আগন্তুক পাঁচ বছৰৰ বাবে নতুন মন্ত্ৰীসভাৰ নেতৃত্ব দিবলৈ সম্ভাৱ্য মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচিত কৰাতো বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত হিন্দী বলয়ত যেন বিজেপিৰ ছুনামী বৈছিল আৰু মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত দলটোৱে আচৰিত ধৰণে আধিপত্য স্থাপন কৰে । এই ফলাফলে নিৰ্বাচনী বিশেষজ্ঞসকলকো চকিত কৰি তোলে ৷

চাৰি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল বিশেষকৈ ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত পৰাজয়ৰ ফলাফল ২০২৪ ৰ বাবে কংগ্ৰেছত এক মোক্ষম আঘাত ৷ কাৰণ কংগ্ৰেছে এতিয়া হিন্দী বলয়ৰ এক বিশাল অঞ্চলত ক্ষমতাহীন হৈ পৰিছে ৷ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিয়ে মধ্যপ্ৰদেশত 163 খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬৬ খন আসনেৰে দ্বিতীয় স্থান আছে ৷ ৰাজস্থানত ভোট গণনাই একাংশ সমীক্ষাকাৰীৰ ভৱিষ্যতবাণীতকৈ একেবাৰে বিপৰীত ছবি উদঙালে ৷ ৰাজ্যখনত বিজেপিয়ে ১১৫খন আসন লাভ কৰি চৰকাৰ গঠন কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ৬৯খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় ৷ ইফালে ছত্তীশগড়ৰ ৯০টা বিধানসভা সমষ্টিৰ বিজেপিয়ে ৫৪টা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩৫ টাত জয়লাভ কৰে ।

লগতে পঢ়ক: গোগামেড়ীৰ হত্যাৰ তদন্ত NIA ক অৰ্পণৰ সিদ্ধান্ত, দুই আৰক্ষী জোৱানক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.