ETV Bharat / bharat

গোগামেড়ীৰ হত্যাৰ তদন্ত NIA ক অৰ্পণৰ সিদ্ধান্ত, দুই আৰক্ষী জোৱানক নিলম্বন

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 11:19 AM IST

Karni Sena chief killing
গোগামেড়ীৰ হত্যাৰ তদন্ত NIA ক অৰ্পণৰ সিদ্ধান্ত

ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ ৩০ ঘণ্টাৰ পাচত পত্নী শীলা শ্বেখাৱতৰ গোচৰ ৰুজু । শীলা শ্বেখাৱতে দাখিল কৰা অভিযোগনামাত বিদায়ী মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ডিজিপিৰ নামো উল্লেখ কৰিছে । ইফালে শ্যাম নগৰ থানাৰ বিষয়া মনীষ গুপ্তা আৰু এজন বিট কনিষ্টবলক নিলম্বন কৰা হৈছে ৷

নিউজ ডেস্ক, ৭ ডিচেম্বৰ: শ্ৰী ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীক দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হত্যা কৰাৰ ৩০ ঘন্টাৰ পাচত তেওঁৰ পত্নী শীলা শ্বেখাৱতে গোচৰ ৰুজু কৰে । শ্যামনগৰ আৰক্ষী থানাত দাখিল কৰা এফআইআৰত বিদায়ী মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ডিজিপিৰ নামো উল্লেখ কৰিছে গোগামেড়ীৰ পত্নী শীলা শ্বেখাৱতে । ইয়াৰ পাচতেই নিশা প্ৰতিবাদস্থলীত উপস্থিত হৈ শীলা শ্বেখাৱতে প্ৰতিবাদৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰে । লগতে শ্যাম নগৰ থানাৰ বিষয়া মনীষ গুপ্তা আৰু এজন বিট কনিষ্টবলৰ নিলম্বন কৰাৰ তথ্য সদৰী কৰে ।

  • #WATCH | Jaipur: Wife of the national president of Rashtriya Rajput Karni Sena, Sukhdev Singh Gogamedi, Sheela Shekhawat said, "...Rajasthan bandh has to be observed tomorrow also. I call upon the Rajputs of the entire country to come here in maximum numbers because today Sukhdev… pic.twitter.com/cLNme0GsXx

    — ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) December 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিধায়ক মনোজ ন্যাংগালীয়ে গোগামেড়ীৰ হত্যাৰ তদন্ত NIA ৰ দ্বাৰা কৰাবলৈ সহমতত উপনীত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ৰাজপুত সমাজে ৭২ ঘণ্টাৰ চৰমসীমা প্ৰদান কৰিছে । মহিপাল সিং মকৰানা, কৰ্ণী সেনাৰ বিষয়া আৰু আৰক্ষীৰ মাজত হোৱা আলোচনাত সকলো দাবীৰ ওপৰত সহমত হোৱা বুলি ঘোষণা কৰে গোগামেড়ীৰ পত্নী শীলা শ্বেখাৱতে । ইফালে এছ এম এছ হাস্পতালত গোগামেড়ীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় । জানিব পৰা মতে, আজি অৰ্থাৎ বৃহস্পতিবাৰে তেওঁৰ জন্ম গাঁও গোগামেড়ীত শেষকৃত্য সম্পন্ন কৰা হ’ব । অন্তিম দৰ্শনৰ বাবে আজি ​​গোগামেড়ীত তেওঁ পাৰ্থিৱ দেহ ৰখা হ'ব ।

  • #WATCH | Jaipur: Mortal remains of the national president of Rashtriya Rajput Karni Sena, Sukhdev Singh Gogamedi being taken from Metro Mass hospital to SMS Hospital, where a post-mortem will be done.

    The last rites of Sukhdev Singh Gogamedi, who was shot dead on Tuesday, will… pic.twitter.com/FvDP0Zmj8v

    — ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) December 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সুখদেৱ সিং গোগামেড়ীক হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ কথা ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত পঞ্জাৱ আৰক্ষীয়ে ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন পত্ৰ লিখি অৱগত কৰা বুলি গোগামেড়ীৰ পত্নী শীলা শ্বেখাৱতে তেওঁৰ অভিযোগনামাত উল্লেখ কৰে ৷ ইমানবোৰ তথ্য দিয়াৰ পিচতো ৰাজ্যৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি দায়িত্বশীল বিষয়াসকলে ইচ্ছাকৃতভাৱে গোগামেড়ীক নিৰাপত্তা প্ৰদান নকৰাৰ কথা অভিযোগনামা উল্লেখ কৰা হয় ৷

  • Jaipur: Sukhdev Singh Gogamedi, the national president of Rashtriya Rajput Karni Sena murder | The protest has come to an end, and a consensus has been made. Shyam Nagar Police Station SHO and beat constable have been suspended. The last rites will be performed tomorrow morning.

    — ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) December 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, সুখদেৱ সিং গোগামেড়ীক মঙলবাৰে হত্যা কৰাৰ পিচত তেওঁ মৃতদেহ মানসৰোবৰত অৱস্থিত মেট্ৰ’ গণ চিকিৎসালয়ত ৰখা হৈছিল । চিকিৎসালয়ৰ বাহিৰত সমাজৰ বহু সংখ্যক লোক একত্ৰিত হৈ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । হত্যাকাণ্ডৰ পিছত ৰাজ্যজুৰি ৰাজপুত জনগোষ্ঠীৰ হৈ বিক্ষোভ প্ৰদৰ্শন কৰা হয় । ক্ষোভ প্ৰকাশৰ বাবে বুধবাৰে ৰাজস্থান বন্ধ ঘোষণা কৰা হয় । বহু ঠাইত হিংসাত্মক ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হয় ।

ইফালে, প্ৰশাসনৰ সৈতে ধাৰাবাহিক আলোচনাৰ অন্তত বুধবাৰে নিশা পৰিয়ালৰ সদস্য আৰু প্ৰশাসনৰ মাজত এক চুক্তিত উপনীত হয় । সহমতত উপনীত হোৱাৰ পিচত গোগামেড়ীৰ পত্নী শীলা শ্বেখাৱতে এই ধৰ্মঘটৰ অন্ত পেলোৱাৰ কথা ঘোষণা কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক চিনাক্ত কৰি ফটোৰ আধাৰত তেওঁলোকৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে । ৰাজস্থান আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যৰ আৰক্ষীৰ পৰাও সহায় লৈছে । তদুপৰি ৰাজস্থান আৰক্ষীয়ে দুই অভিযুক্তৰ প্ৰত্যেকৰ সন্ধান দিওতালৈ ৫ লাখ টকাকৈ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে ।

লগতে পঢ়ক: সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডৰ দুই শ্বুটাৰক চিনাক্তকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.