Rakibul Hussain : কমলাক্ষ দে' পুৰকায়স্থৰ মন্তব্য কংগ্ৰেছৰ মন্তব্য নহয় বুলি ক’লে ৰকিবুল হুছেইনে

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 6:29 PM IST

thumbnail

নগাঁও, 9 নৱেম্বৰ : বিৰোধী ঐক্যমঞ্চৰ বিৰুদ্ধে কমলাক্ষ দে’ পুৰকায়স্থৰ মন্তব্য ব্যক্তিগত বুলি ক’লে ৰকিবুল হুছেইনে । কংগ্ৰেছ নেতা পুৰকায়স্থৰ মন্তব্যৰ পাচতেই নগাঁৱত সংবাদমেল সম্বোধন জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ । নগাঁৱত সংবাদমেল আয়োজন কৰি ৰকিবুল হুছেইনৰ মন্তব্য, "কোন দলে কোন সমষ্টিত টিকট পাব সেই সিদ্ধান্ত কংগ্ৰেছ হাইকামাণ্ডে ল'ব । আমি বিজেপি আৰু বিজেপিক দেখুৱাই আৰু লুকুৱাই সহায় কৰা সকলোকে প্ৰতিহত কৰিম । ৰাহুল গান্ধী, মল্লিকাখাৰ্জুন খাৰ্গেৰ নিৰ্দেশত অসমত আসনৰ ভাগ-বাটোৱাৰা হ'ব ।"

খুউব যত্নৰে খোজ কাঢ়িব বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । উল্লেখ্য যে, নিৰ্বাচনলৈ 4 মাহ বাকী থাকোতেহে কৰিমগঞ্জত তৃণমূল কংগ্ৰেছে কাৰ্যালয় স্থাপন কৰা বুলি মন্তব্য কৰিছিল কমলাক্ষ দে’ পুৰকায়স্থই ৷ কৰিমগঞ্জত কংগ্ৰেছৰ বাহিৰে I.N.D.I.Aৰ অন্তৰ্গত আন কোনো দলৰ সাংগঠনিক ভেটি নাই বুলি ৷ কংগ্ৰেছৰ বাহিৰে আন দলৰ নিৰ্বাচন খেলাৰ যোগ্যতা নাই বুলিও মন্তব্য কৰিছিল পুৰকায়স্থই ৷ পুৰকায়স্থই কৰা উক্ত মন্তব্যৰ পাচতে বৃহস্পতিবাৰে বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুইছেনে সংবাদমেলযোগে মন্তব্য কৰে যে কমলাক্ষ দে’ পুৰকায়স্থৰ সেয়া ব্যক্তিগত মন্তব্য, কংগ্ৰেছ দলৰ নহয় ৷

লগত পঢ়ক : CM vigilance raid: মুখ্যমন্ত্ৰীৰ বিপক্ষে কিবা এষাৰ ক’লেই চি এম ভিজিলেন্স লগাই দিয়া হয় ; কমলাক্ষ দে’ পুৰকায়স্থ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.