77th independence day: ১৫ আগষ্টৰ কাৰ্যসূচীত হিলদল ভাঙি অংশগ্ৰহণ কৰিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ

By

Published : Aug 13, 2023, 8:24 PM IST

thumbnail

গুৱাহাটী, ১৩ আগষ্ট: ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সমাপন কাৰ্যসূচী মেৰী মাটি মেৰা দেশৰ লগত সংগতি ৰাখি ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অসম আৰক্ষীয়ে দেওবাৰে গুৱাহাটী মহানগৰীত কুচ-কাৱাজ প্ৰদৰ্শন কৰে । লতাশিল খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই কুচ-কাৱাজ প্ৰদৰ্শন উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

লতাশিলৰ পৰা আৰম্ভ হোৱা কুচ-কাৱাজ লেম্বৰোড হৈ জিলা পুথিভঁড়াল হৈ সন্দিকৈ মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, চিজেএম কৰ্ট হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখেৰে আহি ৱাৰ মেমোৰিয়েলয সমাপ্ত হয় । ৱাৰ মেম’ৰিয়েলত বায়ু সেনাৰ ব্ৰেণ্ড শ্ব’ হোৱাৰ পিছতে দীঘলীপুখুৰীত চমকপ্ৰদ আতচবাজী আৰু দৃষ্টিনন্দন লেজাৰ শ্ব’ প্ৰদৰ্শন কৰা হয় ।

এই অনুষ্ঠান চাবলৈ মহানগৰীৰ বিভিন্ন স্থানৰ পৰা অহা নাগৰিকে ভিৰ কৰে । দৃষ্টিনন্দন লেজাৰ শ্ব’ শেষ হোৱাৰ পাচত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ১৫ আগষ্টৰ কাৰ্যসূচীত হিলদল ভাঙি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । মুখ্যমন্ত্ৰীয়ে আজিৰ এই অনুষ্ঠানৰ বাবে অসম আৰক্ষীৰ শলাগ লয় ।

লগতে পঢ়ক: 77th Independence Day: স্বাধীনতা দিৱস বর্জনৰ আহ্বান আলফাকে ধৰি তিনি বিদ্ৰোহী সংগঠনৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.