CM Sarma visit Barak Valley: ব্যতিক্ৰমী সক্ষম ব্যক্তিক দেখি কোলাত তুলি ল’লে মুখ্যমন্ত্ৰীয়ে

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:30 PM IST

thumbnail

কৰিমগঞ্জ, ৭ ছেপ্টেম্বৰ: বৃহস্পতিবাৰে বৰাকত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা । ঘুংঘুৰ পশু চিকিৎসা এলেকাত প্রস্তাৱিত সংহত জিলা উপায়ুক্ত কার্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিলৈ সহায়ৰ হাত আগবঢ়ায় । অহা ৩ দিনৰ ভিতৰত প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত ব্যক্তিজনক এটা গৃহ প্ৰদান কৰিবলৈ নির্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

কাছাৰ জিলাৰ সোণাই বিধানসভাৰ দক্ষিণ মোহনপুৰৰ বাসিন্দা তথা বিশেষ সক্ষম ব্যক্তি মজিবুৰ ৰহমান মজুমদাৰে ৬ জন ভাতৃৰ সৈতে মুখ্যমন্ত্ৰীৰ অনুষ্ঠান চাবলৈ আহিছিল । ব্যতিক্ৰমী সক্ষম ব্যক্তিজনক দেখি মুখ্যমন্ত্ৰীয়ে কোলাত লৈ যায় । তেওঁক কি লাগে বুলিও সোধে মুখ্যমন্ত্ৰীয়ে । মজিবুৰে তেওঁক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা গৃহ প্ৰদান কৰিবলৈ অনুৰোধ কৰে ৷ লগে লগে মুখ্যমন্ত্ৰীয়ে জিলা দণ্ডাধীশক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অতি সুখী হৈ ধন্যবাদ জনায় মুজিবৰে ।

লগতে পঢ়ক: Akhil Gogoi: 23 বছৰ চৰকাৰত থাকি কেৱল নিজৰ সম্পত্তি গঢ়িলে হিমন্ত বিশ্ব শৰ্মাই; অখিল গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.