ETV Bharat / state

Akhil Gogoi: 23 বছৰ চৰকাৰত থাকি কেৱল নিজৰ সম্পত্তি গঢ়িলে হিমন্ত বিশ্ব শৰ্মাই; অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:07 PM IST

লোডশ্বেডিঙক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাছতেই মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ বিধায়ক অখিল গগৈৰ ৷ বিগত 23 বছৰে চৰকাৰত থাকি হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিলে বুলি প্ৰশ্ন অখিল গগৈৰ ৷

Akhil Gogoi
Akhil Gogoi

লোডশ্বেডিঙক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ

গুৱাহাটী,৭ ছেপ্টেম্বৰ: উৎকট গৰমত বিদ্যুতৰ লুকাভাকুৱে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিদ্যুতৰ সংকট দূৰ কৰিবলৈ আমাৰ হাতত আলাদিনৰ চাকি নাই বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ।

বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেল যোগে বিধায়কগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ সম্পৰ্কত ব্লেকমেইল কৰিছে । সংবাদ মাধ্যমৰ আগত তেওঁ কৈছে যে তেওঁৰ হাতত হেনো আলাদিনৰ চাকি নাই । আমি কব বিচাৰিছোঁ তেওঁৰ হাতত আলাদিনৰ চাকি থাকিব নালাগে ।
কিন্তু কথাটো হ’ল হিমন্ত বিশ্ব শৰ্মাই চৰকাৰত থাকি কিমান বছৰ দপদপাই আছে ।’’

গগৈয়ে আৰু কয়, ‘‘আমি যদি চাওঁ, কংগ্ৰেছ চৰকাৰৰ দিনত 15 বছৰ আৰু বিজেপি চৰকাৰৰ দিনত 7 বছৰ দপদপাই আছে ।’’ অখিল গগৈৰ প্ৰশ্ন, সম্পূৰ্ণ 23 বছৰ ধৰি অসম চৰকাৰত দপদপাই থকা লোকজনে এনে কি কাম কৰিলে যে বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত একো কৰিবই নোৱাৰিলে ?

তেওঁ লগতে অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰত আলাদিনৰ চাকি লৈ বহি থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল নিজৰ সম্পত্তি কৰিলে । কিন্তু দুখৰ কথা এই যে অসমৰ বাবে বিদ্যুৎ উৎপাদন কৰিব নোৱাৰিলে । সেয়ে বিদ্যুৎ উৎপাদনত ব্যৰ্থ হৈ বিদ্যুৎ মাচুল বঢ়াবলৈ এতিয়া ৰাইজক ব্লেকমেইল কৰা বুলিও অখিল গগৈয়ে উল্লেখ কৰে ।

বিধায়কগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে বিদ্যুতৰ নাটনি হ’লে NHPC প্ৰকল্পৰ কথা কয় । কিন্তু সেই প্ৰকল্পৰ পৰা অসমে পাব মাত্ৰ 25 মেগাৱট । বাকী বিদ্যুৎ বাহিৰৰ ৰাজ্যলৈ যাব । তেওঁ ইমানেই দক্ষ যে NHPC প্ৰকল্পৰ পৰা অসমত বেছি বিদ্যুৎ লাগিব বুলি ক’ব নোৱাৰিলে বুলিও আক্ৰমণ কৰে অখিল গগৈয়ে ৷

তেওঁ পুনৰ কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাই 15 মিনিটতকৈ বেছি লোডশ্বেডিং হোৱা নাই কৰা মন্তব্য সম্পূৰ্ণ মিছা ৷ অসমৰ ভিন্ন স্থানত 45 মিনিটৰ পৰা ডেৰ ঘণ্টা পৰ্যন্ত লোডশ্বেডিং হৈছে । আধা ঘন্টা বিদ্যুৎ দি ডেৰ ঘণ্টা বিদ্যুৎ কৰ্তন কৰে বিদ্যুৎ বিভাগে ।’’

তাৰোপৰি 500 ইউনিটলৈ ব্যৱহাৰ কৰা লোকে 7.60 টকাকৈ মাচুল প্ৰতি ইউনিটত ভৰিব লগা হোৱা বুলি উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক: CM on Electricity: ২৪ ঘণ্টাই বিদ্যুৎ লাভৰ বাবে ভৰিব লাগিব অধিক ধন; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.