Golden Jubilee of Sarupathar College: সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 5:29 PM IST

thumbnail

সৰুপথাৰ,৩ নৱেম্বৰ: ধনশিৰি মহকুমাৰ উচ্চশিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ সৰুপথাৰ মহাবিদ্যালয় । ৫২ টা বৰ্ষ অতিক্ৰম কৰা শিক্ষানুষ্ঠানখনে 'স্বৰ্ণগাথা' নামেৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে । ২০২২ চনৰ ১৪ নৱেম্বৰৰ পৰা সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে মহাবিদ্য়ালয়খনে । ৩, ৪ আৰু ৫ নৱেম্বৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ।  

শুকুৰবাৰে প্ৰথমটো দিনাৰ কাৰ্যসূচীত ৫৬ খন পতাকা উত্তোলনেৰে আৰম্ভ হয় প্ৰথম দিনাৰ কাৰ্যসূচী । বিয়লিভাগত অনুষ্ঠিত কৰা হয় 'একবিংশ শতিকাৰ উচ্চশিক্ষা' বিষয়ক এখন আলোচনা চক্ৰ । উক্ত আলোচনাচক্ৰত অসমৰ কেইবাগৰকী বিশিষ্ট সাহিত্যিক উপস্থিত থাকে । অসমৰ কেইবাগৰাকী মন্ত্ৰীও উপস্থিত থাকে এই এই কাৰ্যসূচী । গ্ৰন্থমেলা, বাণিজ্যমেলাকে ধৰি বিভিন্ন ধৰণৰ বিপণীসমূহে ভিৰ কৰিছে মহাবিদ্যালয়খনৰ চৌহদত । স্বৰ্ণগাথা নামেৰে আয়োজন কৰি গৌৰৱোজ্বল মূহুৰ্ত্বৰ সাক্ষী হ'বলৈ ওলাইছে মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই ।

লগতে পঢ়ক: Tribute to martyrs of freedom movement: যোৰহাটত বানফী আৰু শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.