অৰুণাচলৰ নামচাইত দুটা ফৈদৰ মাজত সংঘাত: বন্দুক আৰু তৰোৱাল লৈ আক্ৰমণ প্ৰত্যাক্ৰমণ

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 12:14 PM IST

thumbnail

তিনিচুকীয়া, 14 জানুৱাৰী : ৰাজ্যজুৰি ভোগালীৰ আনন্দ ৷ হেঁপাহৰ ভোগালীক আদৰিবলৈ ব্যস্ত ৰাজ্যবাসী ৷ ইয়াৰ মাজতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ ভোগালীৰ আনন্দৰ মাজতে অৰুণাচল প্ৰদেশৰ নামচাইত দুটা ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈছে ৷ শনিবাৰে নিশা নামচাইৰ অঞ্চলত বসবাস কৰা খামটি আৰু চাহ জনগোষ্ঠীৰ ফৈদৰ মাজত সংঘটিত হয় তয়াময়া ৰণ ৷ খামটি লোকৰ আক্ৰমণত আহত কেইবাজনকৈ আদিবাসী লোক ৷ দুয়োটা ফৈদে হস্তনিৰ্মিত বন্দুক আৰু তৰোৱাল লৈ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰে ৷ তাৰ পাচতে দেওবাৰে পুৱাৰে পৰা মহাদেৱপুৰত নামচাইৰ অসম সংযোগী 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় এটা ফৈদে ৷ অৱশ্যে এই সংঘাত কিয় সংঘটিত হ’ল সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.