পিতৃক হত্যা কৰি ঘৰৰ কাষতে পুতিলে পুত্ৰই

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 10:03 AM IST

thumbnail

মৰাণ, 14 জানুৱাৰী: ভোগালী বিহুৰ আনন্দৰ মাজতে ডিব্ৰুগড়ৰ খোৱাঙত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । দুলীয়া লাহোৱাল গাঁৱৰ বিদ্যুৎ গগৈ (25) নামৰ যুৱকজনে নিজ পিতৃ পৰমানন্দ গগৈক (50) চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে । তাৰ পাচত ঘৰৰ কাষতে গাঁ‌ত খান্দি পুতি থয় । শনিবাৰে নিশা আৰক্ষী উপস্থিত হৈ পিতৃহন্তা বিদ্যুৎ গগৈক আটক কৰে যদিও গাঁ‌তত পুতি থোৱা পৰমানন্দ গগৈৰ মৃতদেহ উদ্ধাৰ কৰা হোৱা নাই । দেওবাৰে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো গাঁ‌ত খান্দি উদ্ধাৰ কৰিব বুলি জানিব পৰা গৈছে । 

উল্লেখ্য যে, শনিবাৰে দিনৰ ভাগতে সংঘটিত হোৱা এই ঘটনা নিশাহে পোহৰলৈ আহে । মৃত পৰমানন্দ গগৈৰ খুলশালীয়েকে নিশা বিহুৰ পিঠা দিবলৈ আহোঁতে এই ঘটনাৰ কথা পোহৰলৈ আহে । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি পত্নী নথকা পৰমানন্দ গগৈয়ে ঘৰৰ কাম কৰি থকা সময়তে পুত্ৰ বিদ্যুৎ গগৈয়ে এখন দাৰে পিতৃক ঘাপ মাৰি দিয়াৰ পিচতে এখন কুঠাৰেৰে পিতৃক হত্যা কৰে । আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত দা আৰু কুঠাৰখন জব্দ কৰিছে । হত্যাকাৰী বিদ্যুতক আৰক্ষীয়ে আটক কৰা সময়ত গাঁ‌ৱৰ ৰাইজে মাৰধৰ কৰিবলৈও উদ্যত হয় ।

লগতে পঢ়ক: হাতীগাঁৱত ৰহস্যময় হোটেলৰ কোঠাৰ পৰা জপিয়ালে যুৱকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.