Junmoni Rabha Accident Case : ট্ৰাক চালক সুমিত কুমাৰক চিআইডিৰ জেৰা

By

Published : May 19, 2023, 12:51 PM IST

Updated : May 19, 2023, 1:42 PM IST

thumbnail

নগাঁও, ১৯ মে' : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ (Assam Police SI Junmoni Rabha mysterious death) তদন্তভাৰ ইতিমধ্যে চিআইডিৰ হাতত অৰ্পণ কৰা হৈছে । তাৰ পিচতেই বুধবাৰে চিআইডিৰ এটা দলে নগাঁৱত উপস্থিত হৈ আৰম্ভ কৰিছে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত (CID investigation of Junmoni Rabha accident) ।

বৃহস্পতিবাৰে নগাঁও আৰক্ষীৰ কেইবাগৰাকীও আৰক্ষী বিষয়াৰ ভাষ্য গ্ৰহণ কৰাৰ লগতে কেইবাজনো বিষয়াক জেৰা কৰে চিআইডিৰ দলে । বৃহস্পতিবাৰে নিশা প্ৰথমে দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক নগাঁও গেষ্ট হাউছলৈ অনাৰ লগতে ভাষ্য গ্ৰহণ কৰে চিআইডিৰ দলে । সমান্তৰালকৈ নিশা দুৰ্ঘটনা সংঘটিত কৰা স্থানলৈ লৈ যোৱা হয় প্ৰণৱ দাসক ।

তাৰ পিছত মাজনিশা নগাঁও আৰক্ষীৰ গেষ্ট হাউছলৈ অনা হয় দুৰ্ঘটনা সংঘটিত কৰা কণ্টেইনাৰখনৰ চালক সুমিত কুমাৰ পালক (CID interrogation driver of Junmoni Rabha accident case) । নগাঁও আৰক্ষীৰ গেষ্ট হাউছতে নিশা ৩ বজালৈকে চিআইডিয়ে জেৰা কৰে সুমিত কুমাৰক । উল্লেখ্য, জোনমণিৰ দুৰ্ঘটনাক লৈ সৃষ্টি হোৱা ৰহস্যৰ পিছতেই সত্য উঘাটনৰ বাবে তৎপৰ হৈ পৰিছে অসম আৰক্ষীৰ অনুসন্ধান শাখা ।

লগতে পঢ়ক :Junmoni Rabha Accident Case : ভাইৰেল হোৱা ফোন কল নিজৰ বুলি স্বীকাৰ আৰক্ষীৰ গাড়ীচালকৰ

Last Updated : May 19, 2023, 1:42 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.