TMC protest against price hike:উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৃণমূল কংগ্ৰেছ

By

Published : Aug 10, 2023, 7:42 PM IST

thumbnail

চিৰাং, 10 আগষ্ট : চিৰাং জিলাৰ বিভিন্ন ঠাইত বিটিচি প্ৰশাসনৰ অমানৱীয় উচ্ছেদৰ জাননী আৰু মূল্যবৃদ্ধিৰ প্ৰতিবাদত চিৰাঙৰ বিজনী মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে তৃণমূল কংগ্ৰেছে । যুগ যুগ ধৰি বসবাস কৰা প্ৰকৃত ভাৰতীয় লোকক অসম চৰকাৰে উচ্ছেদৰ জাননী প্ৰেৰণ কৰাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ উচ্ছেদ বন্ধ কৰাৰ লগতে খাদ্য সামগ্ৰী, শাক-পাচলি, ঔষধকে ধৰি সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত চিৰাঙৰ বিজনীত বৃহস্পতিবাৰে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা দুঘন্টীয়াকৈ ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী । প্ৰতিবাদকাৰী সকলে উচ্ছেদ বন্ধ কৰক, উচ্ছেদৰ জাননী প্ৰেৰণ বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায়, প্ৰমোদ বড়ো হায় হায় আদি বিভিন্ন শ্ল’গান দি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । শেষত বিজনী মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Price hike in Assam: দামবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে বিজেপিক গাদী এৰাৰ দাবী তৃণমূল কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.