ETV Bharat / state

Price hike in Assam: দামবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে বিজেপিক গাদী এৰাৰ দাবী তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Aug 10, 2023, 5:40 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ। চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰিলে পৰিৱেশ । চৰকাৰত তীব্ৰ সমালোচনা তৃণমূল কংগ্ৰেছৰ।

Price hike in Assam
Price hike in Assam

বিজেপিক গাদী এৰাৰ দাবী তৃণমূল কংগ্ৰেছৰ

নগাঁও, 10 আগষ্ট: বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে পেট্ৰ’ল, ডিজেল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক । দামবৃদ্ধিৰ জুইয়ে অতিষ্ঠ কৰি তুলিছে সাধাৰণ জনতাক । অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী । ইয়াৰ মাজতে বৃহস্পতিবাৰে দামবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে ।

বৃহস্পতিবাৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ নগাঁও কলেজ পইণ্টত দামবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিয়ে । শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। প্ৰতিবাদী কাৰ্যসূচীত তৃণমূল কংগ্ৰেছৰ নেতা ময়ূৰ মজুমদাৰ উপস্থিত থাকি শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

বিজেপি চৰকাৰৰ শাসনকালতে আলু, পিয়াঁজৰ পৰা মিঠাতেল, পেট্ৰ’পণ্যৰ দুই-তিনিগুণ দামবৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ নেতা ময়ূৰ মজুমদাৰে ।

লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে শাসনৰ গাদী এৰিবলৈ দাবী জনায় তৃণমূল কংগ্ৰেছৰ নেতা ময়ূৰ মজুমদাৰে ।

মুঠৰ ওপৰত এতিয়া ৰাজ্যজুৰি ব্যাপক হাৰত সকলো সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ৷ পেটৰ ভাত মুঠিও এতিয়া মহঙা হৈ পৰিল ৷ এনে পৰিস্থিতিত কেৱল হিতাধিকাৰী সৃষ্টি কৰা চৰকাৰখনে মৌনব্ৰত পালন কৰাহে পৰিলক্ষিত হৈছে ৷ বিভিন্ন প্ৰতিবাদেও গা-লৰাব পৰা নাই চৰকাৰক ৷

ইতিমধ্যেই চৰকাৰে বিভিন্ন উৎসৰ পৰা ঋণ লৈ জনসাধাৰণৰ ওপৰত ধাৰৰ বোজা বৃদ্ধি কৰিছে ৷ লগতে অত্যাধিক হাৰত কৰ সংগ্ৰহ কৰাত নামি পৰিছে চৰকাৰখন ৷

লগতে পঢ়ক: Gourav Gogoi speech: গৌৰৱৰ গৌৰৱময় ভাষণত কম্পিত মুখ্যমন্ত্ৰী, বিধায়ক আব্দুল বাতিন খন্দকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.