Chirang deforestation: চিৰাঙৰ সংৰক্ষিত বনাঞ্চলত ৰক্ষকৰ ৰূপত ভক্ষক

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 3:37 PM IST

thumbnail

চিৰাং, 6 নৱেম্বৰ : শেহতীয়াকৈ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ নাকেদৰাৰ বনাঞ্চলত বন বিভাগৰ সহযোগত নিশাৰ আন্ধাৰত অবৈধ কাঠৰ ৰমৰমীয়া বেহা চলে বুলি এক বাতৰি প্ৰকাশিত হৈছিল  ৷ বহু দিনৰ পৰা বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ এনজিঅ’ৰ সদস্যই বন ধ্বংস কৰাত লিপ্ত হৈ আছে ৷ ইয়াৰ পিচতে বুধবাৰে বনাঞ্চল ধ্বংস কৰি ৮ ট্ৰেক্টৰ কাঠ চোৰাংভাৱে আনোতেই ৰাইজে ট্ৰেক্টৰকেইখন শান্তিপুৰত আৱদ্ধ কৰিছিল ৷ 

এই ঘটনা পোহৰলৈ অহাৰ পিচতেই চিৰাঙৰ বন ধ্বংসত বন বিভাগৰ লোক জড়িত থকাৰ অভিযোগৰ পিচতে চিৰাং জিলা প্ৰশাসনে তদন্তৰ ঘোষণা কৰি তদন্ত আৰম্ভ কৰিছে ৷ এবছুৰ সভাপতি দ্বীপেন বড়োৱে বন ধ্বংসকাৰীলৈ সকীয়নি প্ৰদান কৰি কয় যে, বনাঞ্চল ধ্বংস কৰাটো এবছু আৰু বিটিচিবাসীয়ে নিবিচাৰে। চিৰাঙৰ সংৰক্ষিত বনাঞ্চল ধ্বংসৰ ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে। বনাঞ্চল ৰক্ষাৰ নামত যিধৰণৰ ধ্বংসাত্মক কাৰ্য চলি আছে তাৰ উচিত তদন্ত বিচাৰি অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ওচৰত দাবী উত্থাপন এবছুৰ সভাপতি দ্বীপেন বড়োৰ।

ইপিনে চিৰাঙৰ বনাঞ্চল ধ্বংসৰ সৈতে বন বিভাগৰ লোক জড়িত থকাৰ অভিযোগ উত্থাপনৰ পিচতে চিৰাং জিলা প্ৰশাসনে তদন্ত ঘোষণা কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অতিৰিক্ত আয়ুক্ত ৰিংখাং মুছাহাৰীসহ বন বিভাগৰ লোকে তদন্তৰ বাবে ইতিমধ্যে বন ধ্বংসস্থলীত উপস্থিত হৈছে ৷

লগতে পঢ়ক: Illegal wood seized: পুষ্পাৰ ষ্টাইলত কাঠৰ চোৰাং বেহা খোদ বন বিষয়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.