child selling case: 15 হাজাৰ টকাত 2 মহীয়া সন্তানক বিক্ৰী কৰিলে পৰিয়ালে

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 9:12 PM IST

thumbnail

নগাঁও, 11 ছেপ্টেম্বৰ : জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্টকাণ্ড ৷ চিৰাং জিলাৰ পিচতে এইবাৰ নগাঁও জিলাত এটি দুমহীয়া শিশু বিক্ৰীৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। ২ মাহতেই শিশুটিক বিক্ৰী কৰিছিল পৰিয়ালৰ লোকে। আদালতত দাখি কৰা নটাৰিৰ জৰিয়তে 15 হাজাৰ টকাতে শিশুটো বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে। 

জানিব পৰা মতে মোল্লাপট্টিৰ এহাল সন্তানহীন দম্পত্তীক বিক্ৰী কৰিছিল ২মহীয়া শিশুটোক। এই জঘন্য ঘটনাটো পোহৰলৈ অহাৰ পাচতেই CWC ক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয়। বৰ্তমান CWC য়ে ঘটনা সন্দৰ্ভত নগাঁও সদৰ থানাত দাখিল কৰিছে এজাহাৰ। 

ইফালে এগৰাকী মহিলা অধিবক্তাৰ জড়িতে শিশুটিক বিক্ৰী কৰা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে CWC য়ে শিশুটি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । বৰ্তমান শিশুটিক CWC ৰ তত্বাৱধানত মাতৃৰ কাষতে ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই কথা সদৰী কৰিছে CWC ৰ বিষয়া অঞ্জলীয়ে।

লগতে পঢ়ক: child sell by parents: এক লাখ টকাত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে দুটি দেৱশিশুক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.