ETV Bharat / state

child sell by parents: এক লাখ টকাত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে দুটি দেৱশিশুক

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:37 PM IST

অসমত এতিয়া মুকলিকৈ টকাৰ বিনিময়ত বিক্ৰী হৈছে মানৱ শিশু । দৰিদ্ৰতাৰ বাবে এক লাখ টকাত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে দুটিকৈ কনমানি শিশুক । শিশু বিক্ৰীত জড়িত পিতৃ আৰু দুই ক্ৰেতাক গ্ৰেপ্তাৰ আৰক্ষীৰ ।

child sell by parents in Chirang
বিক্ৰী কৰিলে দুটি দেৱশিশুক

বিক্ৰী কৰিলে দুটি দেৱশিশুক

চিৰাং, 11 ছেপ্টেম্বৰ : ক্ৰমাৎ মানৱীয়তা নিঃশেষ হোৱাৰ পথত! চিৰাং জিলাৰ ভূটান সীমান্তৰ শিলিখাগুৰিত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ সভ্য সমাজক লজ্জানত কৰি দৰিদ্ৰতাৰ বাবে এক লাখ টকাত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে দুটিকৈ কনমানি শিশুক । শিশু বিক্ৰীত জড়িত পিতৃ আৰু দুই ক্ৰেতাক গ্ৰেপ্তাৰ আৰক্ষীৰ । মাত্ৰ ৪০ হেজাৰৰ পৰা ৬০ হেজাৰ টকাত বিক্ৰী হৈছে দেৰ বছৰীয়া আৰু এটি সাতদিনীয়া দেৱ শিশু ৷

একমাত্ৰ আৰ্থিক দৈন্যতাৰ বাবেই চিৰাং জিলাৰ ৰুণীখাতা থানাৰ অন্তৰ্গত শিলিখাগুৰিৰ এটা নিষ্ঠুৰ দম্পতী হুগম নাৰ্জাৰী (25) আৰু বিজুলিকা নাৰ্জাৰী (23) য়ে ছমাহৰ ভিতৰত দুটিকৈ পুত্ৰ সন্তানক এক লাখ টকাৰ বিনিময়ত অন্য লোকৰ হাতত বিক্ৰী কৰিছে । দম্পতীটোৰ দুটি কণ কণ পুত্ৰ কন্যা থকাৰ পিচতো পুনৰ গৰ্ভৱতী হৈছিল মাতৃগৰাকী। ইয়াৰ পিচতে অৰ্থৰ অভাৱত বেমাৰী পুত্ৰক চিকিৎসা কৰিব নোৱাৰি 2022 চনৰ নৱেম্বৰ মাহত দেৰ বছৰীয়া পুত্ৰ সন্তানটোক 40 হেজাৰ টকাৰ বিনিময়ত ওচৰৰে খুংগ্ৰীং গাঁৱৰ অবিনাশ বৰগয়াৰীক বিক্ৰী কৰি দিছিল।

আনহাতে চলিত বৰ্ষৰ জুলাই মাহত দ্বিতীয় পুত্ৰ জন্ম হোৱাৰ এসপ্তাহৰ পিচতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলীৰ বাসিন্দা নীৰণ স্বৰ্গীয়াৰীক 60 হেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰি দিয়ে । এক বিশেষ সুত্ৰৰ তথ্যৰ ভিত্তিত ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰে অনুসন্ধান চলোৱাত এই শিশু বিক্ৰীৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে নিজৰ সন্তান বিক্ৰী কৰা পিতৃ হুগম নাৰ্জাৰীৰ লগতে মানৱ শিশু ক্ৰয় কৰা অবিনাশ বৰগয়াৰী আৰু নীৰণ স্বৰ্গীয়াৰীক গ্ৰেপ্তাৰ কৰিছে ।

ইফালে মাতৃয়ে কেমেৰাৰ সন্মুখত অনুতপ্তহীনভাৱে ঘটনা সন্দৰ্ভত কয় যে, তেওঁলোক দুয়োৰে সিদ্ধান্ত অনুসৰি দুয়োটা শিশু বিক্ৰী কৰা হৈছিল ৷ তেওঁলোকৰ হাতত শিশুটোক চিকিৎসা কৰিবলৈ অৰ্থৰ অভাৱ হৈছিল ৷ তেওঁলোকে এজন ক্ৰেতাক পূৰ্বৰেপৰা চিনি পাইছিল ৷ তেওঁলোকে বিক্ৰী কৰাৰ পিচৰ পৰা শিশু দুটাৰ কোনো খবৰো লোৱা নাছিল ৷ আনকি সাংবাদিকে মাতৃগৰাকীক পুনৰ শিশুকেইটাক ঘূৰাই আনিবলে বুলি সোধাত নালাগে বুলি অকপটে স্বীকাৰ কৰে ৷

লগতে পঢ়ক: Drug Smuggler Arrested: 21 কোটি টকাৰ হেৰ’ইনসহ আমিৰ খান আৰক্ষীৰ জালত; ইয়াকুব আৰু জামিৰকো আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.