২৫ বছৰীয়া হ’ল লখিমপুৰ জৱাহৰ নৱোদয় বিদ্যালয়

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 1:17 PM IST

Updated : Nov 25, 2023, 3:03 PM IST

thumbnail

বিহপুৰীয়া, ২৫ নৱেম্বৰ : আজি অৰ্থাৎ শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহপুৰীয়াস্থিত লখিমপুৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হৈছে । শনিবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি, পুৱা স্মৃতি তৰ্পণ, পতাকা উত্তোলন, প্ৰাক্তন শিক্ষক-শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠিত হয় । ৰূপালী জয়ন্তী সমাৰোহক লৈ বিদ্যালয়খনত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বিদ্যালয়খনত সমবেত হৈছেহি প্ৰাক্তন শিক্ষক আৰু শিক্ষাৰ্থীসকলো ।

ইপিনে, লখিমপুৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱত অনুস্মৃতি শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে প্ৰাক্তন শিক্ষক-শিক্ষাৰ্থী আৰু বৰ্তমানৰ শিক্ষক-শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত হ'ব বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান । ৰূপালী জয়ন্তী সমাৰোহৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক:উন্নয়নৰ নামত এটা ডাঙৰ শূণ্য; ঘোঁৰামাৰাক স্পৰ্শ কৰিব পৰা নাই চৰকাৰী আঁচনিয়ে ! 

Last Updated : Nov 25, 2023, 3:03 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.