Junmoni Rabha death case: জোনমণিৰ পৰিয়ালক ন্যায় দিয়াৰ আশ্বাস CBIৰ

By

Published : Jun 16, 2023, 7:50 PM IST

thumbnail

গুৱাহাটী ১৬ জুন: SI জোনমণি ৰাভাৰ ঘৰত উপস্থিত হল CBIৰ এটা দল ৷ জোনমণিৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে উপস্থিত হয় দলটো ৷ জোনমণিৰ পৰিয়ালৰ সৈতে বাৰ্তালাপত মিলিত হয় লাভলী কাটিয়াৰৰ নেতৃত্বত অহা 6 জনীয়া CBIৰ দলটোৱে ৷ CBIয়ে ঘটনাৰ উচিত তদন্ত কৰি পৰিয়ালটোক জোনমণিৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্ৰদান কৰাৰ আশ্বাস দিয়া বুলি সদৰী কৰে আত্মীয়ই ৷ ইফালে জোনমণিৰ পৰিয়ালে এজাহাৰত উল্লেখ কৰা প্ৰতিগৰাকী ব্যক্তিৰ নাম CBIৰ আগত প্ৰকাশ কৰে ৷ উল্লেখ্য যে শুকুৰবাৰে নগাঁৱত আহি উপস্থিত হয় CBIৰ আন এটা দল ৷ CBIয়ে অতি ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত ৷  উল্লেখ্য যে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আজি এটা মাহ সম্পূৰ্ণ হ’ল ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.