ETV Bharat / state

লোকবাদ্যৰ প্ৰেমত হাবু-ডুবু খাই থকা এগৰাকী যুৱকৰ কথাৰে... - Folk musical instruments of Assam

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 7:44 PM IST

Assamese Folk Instruments: তথাকথিত ভাইৰেল বয় নহয় ৷ পশ্চিমৰ পিঠিত উঠি দখল কৰা নাই ছ’চিয়েল মিডিয়া ৷ অপসংস্কৃতিয়েও গ্ৰাস কৰা নাই যুৱকজনক ৷ থলুৱা বাদ্যতেই উৎসৰ্গিত যাৰ জীৱন-যৌৱন ৷ নাম তেওঁৰ...

Assamese Folk Instruments
লোকবাদ্যৰ প্ৰেমত হাবু-ডুবু খাই থকা এগৰাকী যুৱক (ETV Bharat Assam)

লখিমপুৰ, 25 মে’: দিনবোৰ হয়তো ভাললৈ আহিছে ! হয়তো লাহে লাহে নোহোৱা হ’ব পশ্চিমীয়া সংস্কৃতিয়ে অসমীয়াক গ্ৰাস কৰাৰ অভিযোগ ৷ চহকী অসমীয়া সংস্কৃতিৰ বৰঘৰত এলান্ধু নলগাকৈ লোকবাদ্যসমূহ সযতনে ৰাখিব বিচাৰিছে এজন যুৱকে ৷ ককা-দেউতাৰ প্ৰাণৰ বাদ্যসমূহ এজন যুৱকে ধুনীয়াকৈ ধৰি ৰাখিব বিচাৰিছে ৷ দৃশ্যবোৰ দেখিলে আপোনাৰো নিশ্চয় ভাল লাগিব ৷ যুৱকজনে যিদৰে লোকবাদ্যসমূহ ধৰি ৰাখিছে, সেয়া দেখিবলৈ আপুনি নিশ্চয় ভাবিব যে এওঁলোকে কেতিয়াও হানি-বিঘিনি হ’বলৈ নিদিয়ে আমাৰ লোক-সংস্কৃতিক ৷

লোকবাদ্যৰ প্ৰেমত হাবু-ডুবু খাই থকা এগৰাকী যুৱক (ETV Bharat Assam)

লোকবাদ্যৰ প্ৰেমত হাবু-ডুবু খাই থকা যুৱকজন লখিমপুৰৰ দিব্যজ্যোতি চুতীয়া ৷ লোকবাদ্যৰ প্ৰেমত দিব্যজ্যোতি কেতিয়া পৰিল, সেয়া তেৱোঁ নাজানে ৷ মুঠতে প্ৰাণভৰি ভালপায় বাদ্যসমূহক ৷ সেয়েহে লুপ্তপ্ৰায় লোকবাদ্যসমূহ নিৰ্মাণৰ লগতে প্ৰায়সমূহ বাদ্য বজাবলৈও চেষ্টা কৰি আহিছে যুৱকজনে ৷

ব্যৱসায়িকভাৱে যুৱকজনে বিশেষ সফলতা লাভ কৰা নাই ৷ তথাপিও টোকাৰী, একতাৰা, দোতাৰা, বীণকে ধৰি প্ৰায়সমূহ বাদ্য তেওঁ নিৰ্মাণ কৰি গৈছে ৷ পূৰ্বে যুৱকজনৰ ঘৰৰ পৰাই কোনো কোনোৱে লোকবাদ্যসমূহ ক্ৰয় কৰিছিল ৷ এইবাৰ পিছে ফাটবিহুতো প্ৰদৰ্শন কৰিছিল তেওঁ নিজেই নিৰ্মাণ কৰা লোকবাদ্যসমূহ৷ গ্ৰাহক তথা সংগীতপ্ৰিয় লোকৰ যথেষ্ট লোকৰ সঁহাৰি লাভ কৰা বুলিও ক’লে দিব্যজ্যোতিয়ে ৷

বেলেগ কিবা এটা কৰাতকৈ লোকবাদ্যৰে সংস্কৃতিক ধৰি ৰাখিবলৈ সৰুৰে পৰা ব্ৰতী হৈছে শিল্পীমনৰ যুৱকজন । এগৰাকী বাঁহীবাদক হিচাপেও ঢকুৱাখনাত সুনাম অৰ্জন কৰা দিব্যজ্যোতিয়ে কেৱল লোকবাদ্য প্ৰস্তুত কৰাই নহয়, সুন্দৰকৈ পৰিৱেশনো কৰিব পাৰে ৷ লোকবাদ্য নিৰ্মাণ অথবা লোকবাদ্যত সুৰৰ লহৰ তুলি আপোনবিভোৰ হোৱা শিল্পী দিব্যজ্যোতিৰ প্ৰতিভাই এতিয়া সমাদৰ লাভ কৰিছে ।

ভাইৰেল হ’ব পৰা নাই যদিও দিব্যজ্যোতি চুতীয়াই নীৰৱে কৰি গৈছে লোকসংস্কৃতিৰ সাধনা ৷ কোনো কাৰণতে এওঁলোকৰ দৰে নতুন প্ৰজন্মই হেৰাই যাবলৈ নিদিয়ে অসমীয়া লোক-সংস্কৃতিক ৷ জাতিটোৰ বাবে নহয়নে এয়া এক ভাল লগা কথা !

লগতে পঢ়ক: নীৰৱে নিতালে অসমীয়া সংস্কৃতিৰ ভঁড়াল চহকী কৰিছে বোধেন পাচনিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.