গাড়ীৰ পৰা দলিয়াই থৈ গ'ল নৱজাতকক - Newborn Dead Body Found

By ETV Bharat Assamese Team

Published : May 25, 2024, 6:52 PM IST

thumbnail
নগাঁৱত পুনৰ ভূলুণ্ঠিত মানৱতা (ETV BHARAT ASSAM)

নগাঁও, ২৫ মে’: সভ্য সমাজক লজ্জানত কৰা এক ঘটনা পুনৰ সংঘটিত হৈছে মধ্য অসমৰ নগাঁৱত । নগাঁৱৰ উৰিয়াগাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা । উৰিয়াগাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ হৈছে এটা নৱজাতকৰ মৃতদেহ । মৃত নৱজাতকটি কোনো চলন্ত বাহনৰ পৰা দলিয়াই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে ।

শুকুৰবাৰে মাজনিশা সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা । মৃত নৱজাতকটি পৰৱৰ্তী সময়ত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে স্থানীয় আৰক্ষীয়ে । কিন্তু কোনে কি অৱস্থাত নৱজাতকটি পেলাই থৈ গ'ল সেয়া এই পৰ্যন্ত পোহৰলৈ অহা নাই । অৱশ্যে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

কোনো দুষ্ট প্ৰকৃতিৰ লোকে নিজৰ কলংক জনচক্ষুৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যেই পথৰ দাঁতিত নৱজাতকটি পেলাই থৈ যোৱাৰো সন্দেহ কৰিছে একাংশই ।

লগতে পঢ়ক: আৰক্ষী চকীৰ চোতালত উদ্ধাৰ সদ্যোজাত শিশুৰ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.