Junmoni Rabha death case: ডিএছপি মণিন্দৰ সিঙৰ নেতৃত্বত নগাঁৱৰ আৱৰ্ত ভৱনত চিবিআইৰ দল

By

Published : Jun 16, 2023, 6:54 PM IST

thumbnail

নগাঁও, 16 জুন: আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ নগাঁৱত উপস্থিত হোৱা চি বি আইৰ (CBI) দলে দ্বিতীয় দিনাও অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷ নগাঁও আৱৰ্ত ভৱনত শুকুৰবাৰে উপস্থিত হয় চি বি আইৰ এটা দল ৷  CBIৰ  ডি এছ পি মণিন্দৰ সিঙৰ নেতৃত্বত এটা দল প্ৰথমে আৱৰ্ত ভৱনত উপস্থিত হৈ ওলাই যোৱাৰ পাচত পুনৰ আন এটা দল উপস্থিত হয় আৱৰ্ত ভৱনত ৷  

ইফালে ডি এছ পি মণিন্দৰ সিঙৰ নেতৃত্বত থকা দলটোৱে পুনৰ কলিয়াবৰ উপস্থিত হৈ তদন্ত চলোৱাৰ সম্ভাৱনা আছে ৷ জোনমণি ৰাভাৰ মৃত্যু ৰহস্য উদ্ঘাটন কৰিবলৈ ক্ষীপ্ৰ গতিৰে অভিযান চলাইছে দিল্লীৰ পৰা অহা CBIৰ দলটোৱে ৷  CBIৰ তদন্ত প্ৰতিবেদনৰ বাবে এতিয়া আশাৰে বাট চাই আছে জোনমণিৰ পৰিয়ালৰ লগতে ৰাজ্যবাসী ৷ 

লগতে পঢ়ক: SI Junmoni Rabha death case update : নগাঁৱত CBI ৰ দল, কেবাগৰাকী আৰক্ষী বিষয়াক জেৰা চলোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.