Cachar Police operation: কাছাৰ আৰক্ষীৰ অভিযানত চুৰি বাহনসহ আটক 3 টা গাড়ী চোৰ

By

Published : Apr 21, 2023, 11:04 PM IST

thumbnail

কৰিমগঞ্জ, 21 এপ্ৰিল : কাছাৰ আৰক্ষীৰ এক সফলতা ৷ শুকুৰবাৰে কাছাৰ আৰক্ষীয়ে এক অভিযানত দুখন চুৰি বাহনসহ আটক কৰে 3 টা গাড়ী চোৰক (Cachar Police detain Car thieves in an operation) । সংবাদ মাধ্যমৰ আগত কাছাৰ আৰক্ষীৰ এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি, কাছাৰ আৰক্ষীয়ে গাড়ী চোৰৰ চক্ৰৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ।

এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত শুকুৰবাৰে কাছাৰ আৰক্ষীয়ে লক্ষীপুৰত চলায় অভিযান (Cachar Police operation) ৷ এই অভিযানতে তিনিটা গাড়ী চোৰৰ লগতে জব্দ কৰে চুৰি কৰা এখন ভান আৰু এখন ইণ্ট্ৰা মেজিক ট্ৰাক । ধৃত চোৰ কেইটা হৈছে ছলমান হুছেইন, আহাদ হুছেইন লস্কৰ আৰু পানলুং ৰংমাই ওৰফে ইলিয়াছ বুলেট । ধৃত তিনিওৰে ঘৰ শিলচৰ সোণাবাৰীঘাটত ৷

আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, গাড়ী চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড পাংলুং ৰংমাই ওৰফে ইলিয়াছ বুলেট ৷ ধৃত ইলিয়াছ বুলেটৰ নেতৃত্বতে দীৰ্ঘদিন ধৰি চোৰৰ দলটোৱে কাছাৰ জিলাৰ বিভিন্ন স্থানত গাড়ী চুৰি কৰি আহিছে । এই চক্ৰটোৱে গাড়ী চুৰি কৰি বিদেশলৈয়ো সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে আৰক্ষীয়ে ধৃত গাড়ী চোৰ তিনিটাক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Cattle smuggling in Nagaon : এইবাৰ গৰুৰ চোৰাং সৰবৰাহত নামিল শিক্ষক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.