ETV Bharat / state

Cattle smuggling in Nagaon : এইবাৰ গৰুৰ চোৰাং সৰবৰাহত নামিল শিক্ষক

author img

By

Published : Apr 21, 2023, 8:14 PM IST

Cattle smuggling in Nagaon
নগাঁৱত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিচতেই গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে তৎপৰ হৈছে নগাঁও আৰক্ষী (Illegal Cattle Smuggling)। নগাঁৱত জব্দ গৰুভৰ্তি এখন ট্ৰাক । চোৰাংভাৱে গৰু সৰবৰাহত জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰে শিক্ষকক ৷

নগাঁৱত জব্দ চোৰাংভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক

নগাঁও, 21 এপ্ৰিল : গো সুৰক্ষা আইনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হোৱাৰ পিচতেই অধিক তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষীও (Cattle Smuggling in Assam) । চোৰাংভাৱে গৰু সৰবৰাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অবিৰত অভিযান চলাই আহিছে (Illegal Cattle Smuggling) । বিগত কিছুদিন ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ এইবাৰ গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই নগাঁও আৰক্ষীয়ে লাভ কৰিছে বিশেষ সফলতা ।

শুকুৰবাৰে নগাঁৱৰ বৰঘাটৰ পৰা বৰঘাট আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে অভিযান চলাই চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Nagaon police seized trucks carrying cattle) । জানিব পৰা মতে, ধেমাজিৰ পৰা বৰ্ণিহাটলৈ নি থকা হৈছিল জব্দকৃত গৰু ভৰ্তি বাহনখন (Police seized vehicle loaded with cattle) ৷ তেনেতে আৰক্ষীয়ে সন্দেহবশতঃ জব্দ কৰে চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহনখন ৷ জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS 01 FC 5047 ৷

লগতে পঢ়ক : Cattle smuggling: ডিব্ৰুগড়ৰ লাহোৱালত বাহনসহ গৰু জব্দ

লগতে নগাঁও আৰক্ষীয়ে সন্দেহবশতঃ আটক কৰে দক্ষিণ শালমৰাৰ এগৰাকী শিক্ষকক ৷ নাম হজৰৎ আলী আহমেদ ৷ অভিযোগ অনুসৰি, শিক্ষক হজৰৎ আলী আহমেদৰ নেতৃত্বতে চোৰাংভাৱে গৰু সৰবৰাহ কৰা হৈছিল (Cattle smuggling in Nagaon) ৷

অভিযুক্ত শিক্ষক হজৰৎ আলী আহমেদৰ লগতে বৰঘাট আৰক্ষীয়ে আটক কৰে মঞ্জিল হুছেইন, আলিমুদ্দিন আৰু জীয়ানুৰ হক নামৰ লোক কেইজনক ৷ আটকাধীন শিক্ষক হজৰত আলী দক্ষিণ শালমৰা বুছাকাটা এলপি স্কুলৰ শিক্ষক বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, এই বাতৰি যুগুত কৰা সময়লৈকে জব্দকৃত চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ কোনো বৈধ নথি-পত্ৰ আৰক্ষীৰ ওচৰত দাখিল কৰিব পৰা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Heroine seized : কোটি টকাৰ হেৰʼইনসহ আৰক্ষীৰ জিম্মাত দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.