নতুন আইনৰ বিৰুদ্ধে দিবা-নৈশ বাছ চালক সন্থাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 2:23 PM IST

thumbnail

গুৱাহাটী, ২৯ ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ আইনৰ বিৰুদ্ধে ISBT ত দিবা-নৈশ বাছ চালক সন্থাৰ প্ৰতিবাদ । কেন্দ্ৰীয় চৰকাৰৰ এখন নতুন আইন । যিখন আইনত স্পষ্টকৈ উল্লেখ আছে বহু নীতি-নিৰ্দেশনা । কোনো লোকৰ দুৰ্ঘটনাত মৃত্যু হ'লে বাহনৰ চালকে ৫ বছৰ সশ্ৰম কাৰাদণ্ড ভুগিব লাগিব । লগতে ভৰিব লাগিব ১০ লাখ টকা পৰ্যন্ত জৰিমনা । যাৰ বাবে এতিয়া ক্ষুণ্ণ হৈ উঠিছে দিবা-নৈশ বাছ চালকসকল । বহু কেইটা প্ৰশ্ন উত্থাপন কৰিছে বাছ চালকসকলে ।  

কিয়নো কোনো এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানৰ লোকসকল উত্তেজিত হৈ পৰে । তেনেক্ষেত্ৰত বাহনখনৰ চালক বা হেণ্ডিমেনজনে দুৰ্ঘটনাত পতিত লোকজনক সহায়ৰ হাত আগবঢ়াবলৈ গ'লে সেই চালকজনক প্ৰাণে মৰাৰ বাবে উদ্যত হয় স্থানীয় লোক । তেনেক্ষেত্ৰত চালকজনৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে  কি ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী চালকসকলে । লগতে এই আইনখনত শিথিলতা নানিলে বাছ চলোৱাৰ বিৰত থাকিব দিবা নৈশ-বাছ চালকসকল । 

লগতে পঢ়ক: আলফা(স্বা)ক সমৰ্থন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.