Thief terror in Nagaon : নগাঁৱত আৰক্ষীৰ চৰকাৰী আৱাসতে চোৰৰ লুটপাত

By

Published : Apr 1, 2023, 12:33 PM IST

thumbnail

নগাঁও,১ এপ্ৰিল : নগাঁও জিলাত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে (Thief terror in Nagaon)। কেৱল সাধাৰণ লোকেই নহয়, এইবাৰ আৰক্ষীও চোৰৰ অতপালিৰ পৰা ৰেহাই পোৱা নাপালে । অনবৰতে আৰক্ষীয়ে গিজগিজাই থকা অঞ্চলটো চলিল চোৰৰ অভিযান । এইবাৰ চুৰিকাণ্ড নগাঁৱৰ পুলিচ ৰিজাৰ্ভত । আৰক্ষীৰ চৰকাৰী আৱাসত প্ৰৱেশ কৰি চোৰে চলালে লুটপাত । পুলিচ ৰিৰ্জাভৰ সুৰেশ বৰা নামৰ কনিষ্টবলজনৰ আৱাসত নিশা চোৰে চলালে লুটপাত ।

চৰকাৰী আৱাসটোৰ দুৱাৰ ভাঙি চোৰে মূল্যৱান সা-সম্পত্তি লুট কৰি নিয়াৰ লগতে ঘৰৰ ভিতৰৰ বহু সামগ্ৰী ক্ষতিসাধন কৰে (Thief at Nagaon Police Reserve)। এই ঘটনাৰ পাছতে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে পুলিচ ৰিজাৰ্ভৰ কোৱাৰ্টাৰত থকা আৱাসীসকল । ভুক্তভোগী লোকসকলে জনোৱা মতে চুৰিকাণ্ডৰ সময়ত পৰিয়ালটো ঘৰত নাছিল । যাৰ সুবিধা লৈ চোৰে চলালে লুটপাত । ইফালে নগাঁও পুলিচ ৰিজাৰ্ভত ইয়াৰ পূৰ্বেও বহুবাৰ চোৰে লুটপাত চলাইছে ।

আৰক্ষীৰ লোকসকলে আনকি আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত অৱগত কৰাৰ লগতে এজাহাৰো দাখিল কৰিছে । কিন্তু এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাত নিৰাপত্তাহীনতাত ভুগিছে পুলিচ ৰিজাৰ্ভৰ আৱাসীসকলে । ইফালে আৰক্ষীৰ ঘৰতে এনেদৰে চুৰিকাণ্ড হোৱাৰ ফলত সৰ্বসাধাৰণ লোকসকলো আতংকিত হৈ পৰিছে ।

লগতে পঢ়ক :Fake tantrik in Jorhat: যোৰহাটত 14 টাকৈ ভুৱা তান্ত্ৰিক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.