Book release: শিশু দিৱসত সাহিত্যক লীলাধৰ দাসৰ গল্প সংকলন উন্মোচন

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:20 PM IST

thumbnail

গুৱাহাটী,১৫ নৱেম্বৰ: পবিত্ৰ শিশু দিৱসৰ দিনা সাতগাঁও লাচিত পুথিভঁৰালত কবি সাহিত্যক লীলাধৰ দাসৰ গল্প সংকলন 'জীৱনৰ ইটো সিটো' উন্মোচন কৰা হয় । সাতগাঁও লাচিত পুথিভঁৰালৰ সভাপতি ভবেন চন্দ্ৰ দাসৰ সভাপতিত্বত মঙলবাৰে বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গল্প সংকলনখন উন্মোচন কৰে কবি-সাংবাদিক মনোজ কুমাৰ ডেকাই ।  

গ্ৰন্থখন উন্মোচন কৰি সাংবাদিকগৰাকীয়ে তেওঁৰ ভাষণত কয় যে ইণ্টাৰনেট তথা ডিজিটেল যুগত পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাইছে । পঢ়ুবৈৰ অভাৱত বহু লেখকে লিখিবলৈ বাদ দিছে । অৱশ্যে তাৰ মাজতে ভাল লেখকৰ সৃষ্টি হৈছে । উন্নত গ্ৰন্থ প্ৰকাশ হৈ আছে । গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ মানুহক সামাজিক আৰু বৌদ্ধিক ভাৱে আগুৱাই নিব লাগিব বুলিও উল্লেখ কৰে সাংবাদিকগৰাকীয়ে ।  

গ্ৰন্থখনৰ প্ৰকাশক কনক দাসে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট নাট্যকাৰ তথা সু-লেখক প্ৰফুল্ল বৰ্মন, বিশিষ্ট শিক্ষাবিদ দুলুমনি বৰঠাকুৰ, বৃহত্তৰ সাতগাঁও নাগৰিক সন্মিলনৰ সভাপতি অতুল চৌধুৰী, সাতগাঁও শাখা সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ ডেকা, শিক্ষাবিদ উপেন গোস্বামী, সমাজকৰ্মী প্ৰদীপ কলিতা উপস্থিত থাকে ।

লগতে পঢ়ক: HSLC Exam 2024: উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সময়সূচীৰ সালসলনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.