কংগ্ৰেছ সাংসদৰ ঘৰত উদ্ধাৰ দুশ কোটি টকা : বিজেপিৰ প্ৰতিবাদত উত্তাল বঙাইগাঁও

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 6:38 PM IST

Updated : Dec 9, 2023, 8:00 PM IST

thumbnail

বঙাইগাঁও, ৯ ডিচেম্বৰঃ শনিবাৰে দুপৰীয়া কংগ্ৰেছ বিৰোধী শ্লোগানত কঁপিল বঙাইগাঁৱৰ বৰপাৰা অঞ্চল । ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ আত্মীয় আৰু ঘনিষ্ঠ সহযোগীৰ ওড়িশাস্থিত সুৰা কোম্পানীসমূহত আয়কৰ বিভাগে ৩০০ কোটি টকা জব্দ কৰাৰ পিছত জাগুৰ খাই উঠিছে বিজেপিসহ কেইবাটাও মিত্ৰ দল । আজি বঙাইগাঁও চহৰৰ বৰপাৰাত এই সমগ্ৰ ঘটনাক লৈ এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰা হয় ।

বঙাইগাঁও জিলা বিজেপিৰ নেতা-কৰ্মীসকলে "কংগ্ৰেছ দল হায় হায়", "কংগ্ৰেছ দল নিপাত যাওক" আদি শ্লোগানেৰে প্ৰতিবাদ সাব্য়স্ত কৰে । সাধাৰণ ৰাইজৰ টকা লুট কৰাৰ কংগ্ৰেছ দল আৰু INDIA জোঁটবন্ধৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিয়ে আজি এইদৰে প্ৰতিবাদ জনায় । কংগ্ৰেছ আৰু বিৰোধী দলে যাতে ৰাইজৰ পইচা লুটিব নোৱাৰে তাৰ বাবে ৰাইজক জাগ্ৰত কৰাৰ বাবে এই প্ৰতিবাদ জনোৱা বুলি মন্তব্য কৰে বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায়ে ।

লগতে পঢ়ক:ঝাৰখণ্ডৰ কংগ্ৰেছী সাংসদৰ ঘৰত উদ্ধাৰ ৩০০ কোটি টকা : তিনিচুকীয়াত বিজেপিৰ প্ৰতিবাদ

Last Updated : Dec 9, 2023, 8:00 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.