ঝাৰখণ্ডৰ কংগ্ৰেছী সাংসদৰ ঘৰত উদ্ধাৰ ৩০০ কোটি টকা : তিনিচুকীয়াত বিজেপিৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 3:43 PM IST

thumbnail

তিনিচুকীয়া, ৯ ডিচেম্বৰ: ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ আত্মীয় আৰু ঘনিষ্ঠ সহযোগীৰ ওড়িশাস্থিত সুৰা কোম্পানীসমূহত অভিযান চলাই আয়কৰ বিভাগে প্ৰায় ৩০০ কোটি টকা জব্দ কৰাৰ পিচতেই সৰৱ হৈ পৰিছে বিজেপি । আজি তিনিচুকীয়াৰ থানা চাৰিআলিত ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদৰ জৰিয়তে ঝাৰখণ্ডত কংগ্ৰেছ দলৰ এগৰাকী সাংসদৰ ঘৰত আয়কৰ বিভাগে এক অভিযান চলাই ৩০০ কোটি টকা উদ্ধাৰ কৰা ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে ৷  

সমান্তৰালভাৱে সাধাৰণ ৰাইজৰ ধন আত্মসাত কৰা কংগ্ৰেছ দলৰ সাংসদগৰাকীৰ লগতে কংগ্ৰেছ আৰু INDA জোঁটবন্ধনৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে জিলা বিজেপিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ । ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহু ঝাৰখণ্ডৰ লোহাৰডাগাত বাস কৰে । যোৱা ৬ ডিচেম্বৰত আয়কৰ বিভাগে তেওঁৰ লোহাৰডাগাৰ বাসগৃহত উপস্থিত হোৱাৰ পূৰ্বে আয়কৰ বিভাগে তেওঁৰ আত্মীয় আৰু ঘনিষ্ঠ সহযোগীসকলৰ ওড়িশাৰ চম্বলপুৰ আৰু বালাংগীৰত থকা সুৰা কোম্পানীসমূহত অভিযান চলায় ।

লগতে পঢ়ক :কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰে জড়িত সুৰা কোম্পানীত আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.