Beneficiary remarks on artists: শিল্পী-সাহিত্যিকৰ প্ৰতি চৰকাৰে পুতৌ দেখুওৱাৰ কোনো প্ৰয়োজন নাই

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 7:03 AM IST

thumbnail

ডিব্ৰুগড়, 18 অক্টোবৰ: শিল্পী-সাহিত্যিকসকলক হিতাধিকাৰী কৰি পুতৌ দেখুওৱাৰ কোনো প্ৰয়োজন নাই বুলি হিমন্ত বিশ্ব নেতৃত্বাধীন ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সকীয়ালে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি অভিনেতা বিষ্ণু খাৰঘৰীয়াই ৷ উল্লেখ্য যে, শিল্পী-সাহিত্যিকসকলক হিতাধিকাৰী বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে কিছুদিন পূৰ্বে এখন জাননী প্ৰকাশ কৰিছিল । 

শিল্পী-সাহিত্যিকসকলক হিতাধিকাৰী বুলি উল্লেখ কৰা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছিল একাংশ শিল্পী-সাহিত্যিকে । "শিল্পী-সাহিত্যিকসকলে নিজৰ মনৰ ভিতৰৰ পৰা কিবা এটা কাম কৰে ৷ গতিকে তেওঁলোকক হিতাধিকাৰী সজাই চৰকাৰে নিজেই হাঁহিয়াতৰ পাত্ৰ হৈছে "- এই ভাষ্য আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ ৷ অসম চৰকাৰে শিল্পী- সাহিত্যিকসকলকো হিতাধিকাৰী সজোৱাত ক্ষোভ প্ৰকাশ কৰি প্ৰবীণ শিল্পীগৰাকীয়ে কয় যে, চৰকাৰখনে অদ্ভুত কাম কিছুমান কৰিবলৈ আৰম্ভ কৰিছে ৷ হিতাধিকাৰী সৃষ্টি কৰোতে কৰোতে চৰকাৰখনে এদিন নিজেই ভৰ ল'ব নোৱাৰি শেষ হৈ যাব বুলি ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰে  শিল্পীগৰাকীয়ে ৷ 

চৰকাৰখনৰ কাম-কাজক হিটলাৰৰ শাসনৰ লগতো তুলনা কৰে প্ৰখ্যাত অভিনেতাজনে ৷

লগতে পঢ়ক: Himanta Biswa Sarma: আশী শতাংশ শিক্ষকক মই নিযুক্তি দিছোঁ; তেওঁলোক আগৰ পৰাই হিতাধিকাৰী ! মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.