ETV Bharat / state

Himanta Biswa Sarma: আশী শতাংশ শিক্ষকক মই নিযুক্তি দিছোঁ; তেওঁলোক আগৰ পৰাই হিতাধিকাৰী ! মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 5:57 PM IST

শিক্ষকসকলকো হিতাধিকাৰীৰ শাৰীত ৰাখিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে তেওঁ কয় যে অসমত থকা আশী শতাংশ শিক্ষককে তেওঁৰ হাতেৰে নিযুক্তি দিয়া ৷ লগতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে তেওঁৰ নিজৰ সমষ্টি বুলি একো নাই, গোটেই অসমখনেই তেওঁৰ ৷

Himanta Biswa Sarma
নলবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নলবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নলবাৰী, ১৫ অক্টোবৰ : ‘‘অসমৰ আশী শতাংশ শিক্ষকক মোৰ হাতেৰেই নিযুক্তি দিছোঁ ৷ তেওঁলোক যদি হিতাধিকাৰী, তেন্তে আগৰ পৰাই হিতাধিকাৰী ৷’’ নলবাৰীত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দেওবাৰে নলবাৰীৰ বৰভাগ উন্নয়ন খণ্ডৰ সৌজন্যত আয়োজিত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । জিলাখনৰ আৰিকুছি মিলন হাইস্কুল খেলপথাৰৰ পৰা হাজাৰ হাজাৰ মহিলাৰ সমাগমেৰে এক শোভাযাত্ৰা উলিয়াই অনা হয় মৰোৱা শংকৰদেৱ উৎসৱ ক্ষেত্ৰলৈ ।

মুখ্যমন্ত্ৰীক সংগী দিয়ে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । উপস্থিত থাকে জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, বনদ্বীপ ডেকা , জিলা বিজেপি সভাপতি মৃগাংক তালুকদাৰ, জিলা আয়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷ অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক স্কুটী দিয়াৰ ঘোষণাক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত শিক্ষকসকল আমাৰেই হিতাধিকাৰী বুলি মন্তব্য কৰে ৷

আনহাতে দুৰ্গা পূজাত চান্দা সংগ্ৰহক কেন্দ্ৰ কৰি ঠায়ে ঠায়ে সৃষ্টি হোৱা অপ্ৰীতিকৰ ঘটনাত সন্দৰ্ভত দুৰ্গা পূজা সমিতিসমূহক জোৰ-জুলুমকৈ চান্দা সংগ্ৰহ নকৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰোপতি নলবাৰীস্থ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ লগত সংলগ্নকৰণক লৈ চলি থকা বিতৰ্কৰো উত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, ‘‘কলেজ এখন বিশ্ববিদ্যালয় হ'লে বিতৰ্ক কৰিলে মোৰ হাতত একো উপায় নাথাকে ।’’ মেডিকেল কলেজখন মুকলি হোৱাৰ সাত মাহৰ পাছতো পৰ্যাপ্ত সুবিধা নাই বুলি উঠা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে- এখন মেডিকেল কলেজ উন্নত হওঁতে পাঁচ বছৰ লাগে । পাঁচ বছৰত সকলো ঠিক হ'ব ।

প্ৰথমে আৰিকুছি দুৰ্গা মন্দিৰ ফিল্ডৰ পৰা পদযাত্ৰা কৰি আহি মৰোৱা উৎসৱ খোলাত মাটি সংমিশ্ৰণ কৰি মুকলি সভাত অংশ লয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মাইক্ৰফাইনেন্সৰ পৰা ৪০ হাজাৰ মহিলাক ১০ হাজাৰকৈ দিবলগীয়া আঁচনিলৈকে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ ৰেচনৰ কাৰ্ডৰ জৰিয়তে আগন্তুক দিনত সাধাৰণ লোকে ৫ লাখ পৰ্যন্ত মেডিকেল সেৱা পোৱালৈকে ক’লে মুখ্যমন্ত্ৰীয়ে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ ভৱিষ্যতৰ সুৰক্ষিত কৰাৰ কথাও ক’লে মুখ্যমন্ত্ৰীয়ে ৷ এটা-দুটা নহয়, চাৰিটাকৈ জনদৰদী আৰু জন ভাগীদাৰী আচঁনি লোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Bhupen Bora controversy: ৰিবি গাচেং ভৰিৰে গচকি বিপাঙত পৰিল কংগ্ৰেছ সভাপতি ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.