Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিশেষ বক্তৃতানুষ্ঠানত বিশিষ্ট শিল্পী তৰালী শৰ্মা

By

Published : May 10, 2023, 10:36 PM IST

thumbnail

ডিব্ৰুগড়, 10 মে’: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ 470 সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত বক্তৃতানুষ্ঠানত অংশগ্ৰহণ বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাৰ ৷ 'শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ বিশেষ উল্লেখেৰে মধ্যযুগৰ অসমৰ ভক্তি-গীতৰ পৰম্পৰা' শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে বিশিষ্ট শিল্পী তৰালী শৰ্মাই (Special Lecture in Dibrugarh University) ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনিৰুদ্ধদেৱ ভৱনত অনুষ্ঠিত বক্তৃতানুষ্ঠানত অনিৰুদ্ধদেৱ আসনৰ অধ্যাপিকা ড৹ জাহ্নৱী গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে (Tarali Sharma in Dibrugarh University) ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকাই উদ্বোধন কৰা বক্তৃতানুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনিৰুদ্ধদেৱ আসনৰ প্ৰাক্তন প্ৰাধ্যাপক তথা আউনীআটি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ডম্বৰুধৰ নাথ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ নিৰোদ বৰুৱা, দিনজয় মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ মুকুত কুমাৰ গোস্বামীকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে (Birth Anniversary of Sri Sri Aniruddha Deva) ৷

লগতে পঢ়ক: 2 years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত যোৰহাটবাসী ৰাইজৰ মতামত 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.