অসমৰ বৃহত্তৰ স্বাৰ্থত আলোচনাত বহক পৰেশ বৰুৱা: ভৱেশ কলিতা

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 11:37 AM IST

thumbnail

ৰঙিয়া,৩ জানুৱাৰী: আলফা(স্বাঃ) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আলোচনাৰ মেজলৈ আহিবলৈ অনুৰোধ জনালে ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । ৰঙিয়াৰ এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়াই বিজেপিৰ জেষ্ঠ নেতাগৰাকীয়ে । তেওঁ কয় যে অসমৰ বৃহত্তৰ স্বাৰ্থত পৰেশ বৰুৱাই আলোচনাৰ মেজলৈ আহিব লাগে ।  

আনহাতে জীৱনত অন্তিমবাৰলৈ দৰং-ওদালগুৰি সমষ্টিৰ পৰা শাসকীয় দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰা সন্দৰ্ভত ৰঙিয়াৰ বিধায়কগৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে মৌনতা অৱলম্বন কৰে । তেওঁ বিষয়টো সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে । ইফালে আগন্তুক ডিমা হাছাওৰ নিৰ্বাচন সম্পৰ্কে বিজেপিৰ নেতাগৰাকীয়ে কয় যে ডিমা হাছাওত বিজেপি বিজয়ী হ'ব । ইতিমধ্যে ২৮ খন আসনৰ ৬ খন আসন বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জিকিবলৈ সক্ষম হৈছে । বাকী ২২ খন আসনতো বিজেপিয়ে জয়লাভ কৰিব বুলি প্ৰকাশ কৰে কলিতাই । 

লগতে পঢ়ক: সামৰণি পৰিল দৰঙৰ লক্ষীমপুৰ পুখুৰী পাৰৰ বাণিজ্য মেলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.