সামৰণি পৰিল দৰঙৰ লক্ষীমপুৰ পুখুৰী পাৰৰ বাণিজ্য মেলা

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 10:46 PM IST

thumbnail

ওদালগুৰি, ২ জানুৱাৰী : পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰস্থলী ঐতিহাসিক দৰঙৰ লক্ষীমপুৰ মীন মহলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বানিজ্য মেলাখন সোমবাৰে সফল সমাপ্তি হয় ৷ পৰ্যটকৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি ২০২৩ ৰ অন্তিম দিনাৰ পৰা পৰ্যটকক আকৰ্ষণৰ বাবে অনুষ্ঠিত কৰা বাণিজ্য মেলাখন মুকলি কৰে উত্তৰ পূৱ ভাৰতীয় পৰ্যটন মন্ত্ৰণালয়ৰ ক্ষেত্ৰীয় নিৰ্দেশক অনিল ওৰায়ে ৷

বাণিজ্য মেলাত মূলতঃ বিভিন্ন আত্ম সহায়ক গোট আৰু ভিন্ন হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে ৷ লগতে থলুৱা পিঠা-পনা, তাঁতশালৰ কাপোৰ, বিভিন্ন ধৰণৰ ফুল, মাছৰ আচাৰ, বাঁহৰ গাজৰ আচাৰৰ লগতে বিভিন্ন ঘৰত প্ৰস্তুত কৰা সামগ্ৰীও বিক্ৰী কৰা হয় ৷

আনহাতে, দুদিনীয়া এই মেলাত বিহুৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্য ৰাভা, খেৰাই, কুশান নৃত্যৰ লগতে মহখুন্দা আৰু দৰঙী ওজাপালিও প্ৰদৰ্শন কৰা হয় ৷ নৱবৰ্ষৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা কাৰ্যসূচীত মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, ফিছফেডৰ পৰিচালন সঞ্চালক, অসম তথা ৰাজ্যিক ন’ডেল বিষয়া ড৹ ধ্ৰুৱজ্যোতি শৰ্মা, ষ্টেট ফিছাৰি কো-অৰডিনেটৰ, বিশ্ব বেংক ফাণ্ড প্ৰজেক্ট এপাৰ্টৰ ড৹ সঞ্জয় শৰ্মা, মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱীয়ে অংশগ্ৰহণ কৰে ৷

ইফালে নৱবৰ্ষৰ প্ৰথম দিনটোত ঐতিহাসিক লক্ষীমপুৰ পুখুৰীত হাজাৰ হাজাৰ লোকে নৱবৰ্ষক আদৰণি জনায় বনভোজ খোৱাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয় ৷ মুঠৰ ওপৰত নৱবৰ্ষক আদৰিবলৈ উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে ঐতিহাসিক লক্ষীমপুৰ পুখুৰী পৰাত ৷

লগতে পঢ়ক : আপৰ বিধায়ক অমনাতুল্লাহ খানৰ ৮ টা স্থানত ED ৰ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.