Ayushman diwas: বৰপেটা জিলাতো পালন আয়ুষ্মান ভাৰত আঁচনিৰ পঞ্চম বৰ্ষপূৰ্তি

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 7:15 PM IST

thumbnail

বৰপেটা, ২৩ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কাৰ্ড ব্যৱস্থা ভাৰতবৰ্ষত প্ৰৱৰ্তনৰ পঞ্চম বৰ্ষপূৰ্তি শনিবাৰে বৰপেটা জিলাত পালন কৰা হয় । এই উপলক্ষে জিলা গ্ৰামীণ উন্নয়ন অভিকৰণৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত জিলা পৰ্যায়ৰ অনুষ্ঠানত বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গে সদৰী কৰে যে জিলাখনত এই আঁচনিখনে লাখ লাখ লোকক উপকৃত কৰিবলৈ সক্ষম হৈছে ।

গাৰ্গে লগতে সদৰী কৰে যে বৰপেটা জিলাত আয়ুষ্মান কাৰ্ডৰ লক্ষ্য নিৰ্ধাৰিত হিতাধিকাৰীৰ সংখ্যা হ’ল ১১ লাখ ৭০ হাজাৰ । ইয়াৰে ন লাখ ৭০ হাজাৰে এই কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে । সেই হিচাপত জিলাখনৰ ৮৫ শতাংশ হিতাধিকাৰীক সামৰি লোৱা হৈছে । বাকী থকা সকলকো অতি শীঘ্ৰে এই কাৰ্ড প্ৰদান কৰিব পৰা যাব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷

অনুষ্ঠানত উপস্থিত থকা জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিতে এতিয়াও কাৰ্ডখন গ্ৰহণ নকৰা লোকসকলক স্বেচ্ছাই আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডা৹ পাৰ্থপ্ৰতিম বৰুৱাৰ লগতে জিলাখনৰ স্বাস্থ্য বিভাগৰ বিষয়া, আশাকৰ্মী, হিতাধিকাৰীসকলো উপস্থিত থাকে । এই অনুষ্ঠানত কাৰ্ড বিতৰণ আৰু চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দক্ষতাৰ বাবে কেবাজনো বিষয়া আৰু স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক : Ayushman scheme:আয়ুষ্মান আঁচনি সন্দৰ্ভত সকলোখিনি তথ্য আছেনে আপোনাৰ ওচৰত ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.