Assam youth death: পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 12:42 PM IST

thumbnail

বঢ়মপুৰ, 30 অক্টোবৰ : পুনৰ বহিঃৰাজ্যত কামপুৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ যোৱা 24 অক্টোবৰত কেৰালালৈ কৰ্মসংস্থাপনৰ বাবে গৈছিল নগাঁও জিলাৰ কামপুৰ বৰুৱা মাৰ্কেটৰ সদানন্দ বৰা নামৰ যুৱকজন ৷

তাৰ পিচতে যুৱকজনে ৰে’লেৰে গৈ থকা অৱস্থাত ঘৰৰ পৰিয়ালক 24 অক্টোবৰৰ নিশা 11 বজাত ফোন কৰি জনাই যে, মোক কেইজনমান মানুহে অনুসৰণ কৰি আছে । এই ঘটনাৰ পাচৰে পৰাই যুৱকজনৰ ফোনটো অফ হৈ যায় ৷ তাৰ পিচৰে পৰা যুৱকজনৰ পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । 

দুৰ্ভগীয়া পৰিয়ালটোৱে উপায়বিহীন হৈ আইনৰ কাষ চাপে যদিও কোনো সম্ভেদ পোৱা নাছিল সদানন্দৰ। পৰৱৰ্তী সময়ত কেৰেলাত থকা যুৱকজনৰ বন্ধুৱে খবৰ কৰাত শুকুৰবাৰে কেৰেলাৰ এটা পুখুৰীত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। দেওবাৰে যুৱকজনৰ মৃতদেহটো কামপুৰ আহি পোৱাৰ পাচত ঘৰখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

লগতে পঢ়ক: Bike theft gang : দুলীয়াজান আৰক্ষীৰ জালত বাইক চুৰি চক্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.