Pranjal Moran murder case: প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ড সন্দৰ্ভত অসম তাঁতী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল

By

Published : Apr 28, 2023, 11:02 PM IST

thumbnail

তিনিচুকীয়া, ২৮ এপ্ৰিল: মাকুমৰ ৰূপ নগৰৰ নিবাসী প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডই তোলপাৰ লগাই থকাৰ মাজতে পুনৰ ন-ন অভিযোগ উত্থাপন কৰি শুকুৰবাৰে মাকুম যুগল কিশোৰ কিষাণ ভৱনত এখনি সংবাদমেল সম্বোধন কৰে অসম তাঁতী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাহুল সতবংশীয়ে (Pranjal Moran murder case) । 

সংবাদ মেলখনিত সভাপতিগৰাকীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত মাকুম আৰক্ষীক খবৰ দিয়া সত্বেও তাৎক্ষণিকভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনক নিলম্বন কৰাৰ দাবী উত্থাপন কৰিছে ৷ লগতে প্ৰাঞ্জল মৰাণৰ জ্যেষ্ঠ ভগ্নীয়ে প্ৰাঞ্জল মৰাণক গাড়ীত ভৰাই বন্ধ কৰি থোৱা বুলি অভিযোগ উত্থাপন কৰি জ্যেষ্ঠ ভগ্নী গৰাকীকো আটক কৰিব লাগে বুলি সংবাদমেলখনিত বিস্ফোৰক মন্তব্য কৰে (Assam Tanti Yuva Parishad Central Committee ) ।

উক্ত ঘটনাৰ লগত জড়িত থকা সঞ্জয় তাঁতীয়ে ঘটনাৰ উচিত তদন্ত কৰিবলৈ ইতিমধ্যে DGP জি পি সিং লৈ এখনি পত্ৰ প্ৰেৰণ কৰাৰ বুলি সভাপতি জনে সংবাদমেলত জানিবলৈ দিয়ে । লগতে অসম তাঁতী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাহুল সতবংশীয়ে ৰাজনৈতিক ষড়যন্ত্ৰ অভিসন্ধি থকাৰ মত প্ৰকাশ কৰাৰ লগতে জনগোষ্ঠীৰ মাজত ভাতৃত্ব সংঘাতৰ বিষবাষ্প বিয়পাব বিচাৰিছে বুলি সংবাদ মেলৰ যোগেদি জানিবলৈ দিয়ে (Press conference of Assam Tanti Yuva Parishad) ।

লগতে পঢ়ক : Tense situation at Sonari: গুণ্ডাৰূপী ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবীত ঘেৰাও কাকতিবাৰী আৰক্ষী থানা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.