আলফা(স্বা)ৰ সদস্যৰ সন্দেহত শদিয়াৰ তিনি যুৱকলৈ আৰক্ষীৰ গুলী

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 11:17 AM IST

thumbnail

তিনিচুকীয়া, ২৪ ডিচেম্বৰ : অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু আলফা স্বাধীনৰ মাজত চলি থকা বাকযুদ্ধৰ মাজতে সংঘটিত হৈছে এক এনকাউণ্টাৰৰ ঘটনা ৷ আলফা স্বাধীনৰ সদস্য বুলি সন্দেহৱশত শদিয়াৰ তিনি যুৱকৰ ওপৰত গুলীবৰ্ষণ কৰে অসম আৰক্ষী আৰু সেনাই । অসম আৰক্ষীৰ মুকলি গুলীবৰ্ষণত গুৰুতৰভাৱে আহত হয় তিনি যুৱক ৷

আহত তিনি যুৱক ক্ৰমে নিজৰাপাৰাৰ মনোজ বুঢ়াগোহাঁই, মিলন নগৰৰ নবীন নেওগ ওৰফে দ্বীপজ্যোতি আৰু শদিয়াৰ স্কুল চাৰিআলিৰ বিশ্বনাথ বুঢ়াগোহাঁই আৰু তিনিওজন যুৱকৰে ভৰিত গুলী লাগিছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে এই গুলীচালনাৰ ঘটনা ক’ত আৰু কেনেকৈ সংঘটিত হৈছে এইসন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷ কিন্তু অৰুণাচলৰ চাংলাঙত এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে একাংশই ৷

শনিবাৰে পুৱাই আহত তিনি যুৱকক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ কিন্তু উন্নত চিকিৎসাৰ বাবে আহত তিনি যুৱকক ইতিমধ্যে ডিব্ৰুগড়ৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : আৰক্ষী বিষয়াৰ অনৈতিককাণ্ড, OC নুৰ জাহাংগীৰ আহমেদৰ চৰকাৰী কোঠাত উদ্ধাৰ যুৱতী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.