Assam CM visit in Hojai: আজি মহা অষ্টমী, হোজাইত পূজাৰ মণ্ডপে মণ্ডপে সেৱা ল’লে মুখ্যমন্ত্ৰী শৰ্মাই

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 5:16 PM IST

thumbnail

হোজাই, 22 জুলাই : আজি মহা অষ্টমী ৷ শুকুৰবাৰে দশভুজা দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ পাচতে ৰাজ্যৰ চৌদিশে দেৱী বন্দনাৰে মুখৰিত হৈছে । দেওবাৰে হোজাইত উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

পুৱা নেচেনেল স্কুলৰ খেল পথাৰত হেলিকেপ্টাৰে অৱতৰণ কৰি লামডিঙৰ বিভিন্ন পূজাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ লামডিঙৰ মিস্ত্ৰীপল্লী পূজামণ্ডপ, জনকল্যাণ পূজামণ্ডপ আৰু লামডিং কালীবাৰী পূজামণ্ডপত উপস্থিত হৈ দেৱীৰ আশিস লোৱাৰ লগতে পূজা কমিটীসমূহক আৰ্থিক ৰাজ সাহায্য প্ৰদান কৰে ৷

এই ভ্ৰমণ কালত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলে । ৰাজ্যবাসীৰ মংগল কামনাৰে শ্ৰী শ্ৰী মা দুৰ্গাৰ আশিস লোৱা বুলি উল্লেখ কৰি পুনৰ অসমবাসীলৈ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক:Durga Puja 2023: হোজাইত পূজা সমিতিক চেক প্ৰদান শিবু মিশ্ৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.