Durga Puja 2023: হোজাইত পূজা সমিতিক চেক প্ৰদান শিবু মিশ্ৰৰ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 8:52 AM IST

thumbnail

হোজাই,২২ অক্টোবৰ: শাৰদীয় উৎসৱৰ আনন্দত মতলীয়া ৰাজ্যবাসী । হোজাই জিলাতো বিৰাজ কৰিছে এক আনন্দময় পৰিৱেশ । ইয়াৰ মাাজতে হোজাই জিলাৰ লংকাত উপস্থিত হয় লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ । শিবু মিশ্ৰই প্ৰদান কৰে ৰাজ্য চৰকাৰে পুজা সমিতিক সাহায্য হিচাপে দিয়া লংকাৰ ৬২ খন পূজা সমিতিক ১০ হাজাৰ টকাকৈ চেক । হোজাই জিলা লংকাত, আমাৰ লংকা শীৰ্ষক সামাজিক সংস্থাই আয়োজন কৰা এক অনুষ্ঠানত উপস্থিত হয় বিধায়কগৰাকী ।  

লগতে লংকাৰ আৰ্থিকভাৱে দুৰ্বল মহিলাসকলক পূজা উপলক্ষে প্ৰদান কৰে উপহাৰৰ টোপোলা । আনহাতে আকৌ আমাৰ লংকা শীৰ্ষক সামাজিক সংস্থাই আজিৰ পৰা লংকা বজাৰৰ সন্মুখত পূজা উপলক্ষে আয়োজন কৰা ৰাইজৰ বাবে বিশুদ্ধ খোৱা পানী আৰু প্ৰাথমিক চিকিৎসা সেৱাও মুকলি কৰে বিধায়ক শিবু মিশ্ৰই ।  

লগতে পঢ়ক: Durga Puja 2023: পূজাৰ বতৰত কিয় খং উঠিল বিধায়ক বিনেদ হাজৰিকাৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.