Durga Puja 2023: পূজাৰ বতৰত কিয় খং উঠিল বিধায়ক বিনোদ হাজৰিকাৰ ?

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 7:44 AM IST

Updated : Oct 22, 2023, 9:00 AM IST

thumbnail

ডিব্ৰুগড়,২২ অক্টোবৰ: ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক আনন্দ-উচাহ । দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । শাৰদীয় উৎসৱৰ বতৰত মা দুৰ্গাৰ আশিস গ্ৰহণ কৰিলে বিধায়ক বিনোদ হাজৰিকাই । ডিব্ৰুগড়ৰ ঐতিহাসিক বকুল দুৰ্গা পূজা মণ্ডপত পূজা-অৰ্চনা কৰি মা দুৰ্গাৰ আশীৰ্বাদ ল'লে বিধায়কগৰাকীয়ে । পিছে ইয়াৰ মাজতে খং উঠিল বিধায়কগৰাকীৰ ।  

পূজাৰ বতৰত পৰিবহন আৰু বন বিভাগৰ বিৰুদ্ধে খং উঠিল বিধায়ক বিনোদ হাজৰিকাৰ । সপ্তমীৰ দিনাই লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই বন আৰু পৰিবহণ বিভাগক দিলে সকীয়নি । বিধায়কগৰাকীয়ে কয় যে নিবনুৱা যুৱক-যুৱতীক অযথা হাৰাশাস্তি কৰিব নোৱাৰিব বন আৰু পৰিবহন বিভাগে । তিনিচকীয়া বাহন আৰু মাটি কঢ়িওৱা বাহন চলাই জীৱন নিৰ্বাহ কৰা নিবনুৱাসকলক হাৰাশাস্তি কৰিলেই কঠোৰ হ'ব লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা ।  

উন্নয়নমূলক কামত নিজা মাটিত খনন কাৰ্য আৰু বিক্ৰী, তিনিচকীয়া যাত্ৰীবাহী বাহন চলাই স্বাৱলম্বিতাৰ পথ বাচি লোৱা নিবনুৱাক হকে-বিহকে জৰিমনা বিহিলে দায়ী হ'ব সংশ্লিষ্ট কৰ্তৃপক্ষ । উল্লেখযোগ্য যে, ডিব্ৰুগড়ত পূজাৰ পূৰ্বে বন আৰু পৰিবহণ বিভাগে বিভিন্ন কাৰণত বাহনসমূহ ৰখাই জৰিমনা বিহিছিল । ইয়াতে অসন্তুষ্ট হৈ পৰে বিধায়ক বিনোদ হাজৰিকা ।

লগতে পঢ়ক: Durga Puja in Assam : পূজাৰ মণ্ডপে-মণ্ডপে মুখ্যমন্ত্রীকে ধৰি মন্ত্রীগণ

Last Updated : Oct 22, 2023, 9:00 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.