ETV Bharat / state

Durga Puja in Assam : পূজাৰ মণ্ডপে-মণ্ডপে মুখ্যমন্ত্রীকে ধৰি মন্ত্রীগণ

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 9:03 PM IST

Durga Puja in Assam
পূজাৰ মণ্ডপে-মণ্ডপে মুখ্যমন্ত্রীকে ধৰি মন্ত্রীগণ

দুৰ্গা পূজাৰ আনন্দ লোৱাৰ পৰা বাদ পৰা নাই মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-বিধায়কসকলো । মণ্ডপে মণ্ডপে এতিয়া মন্ত্ৰী-বিধায়কৰ ব্যস্ততা । দৈনন্দিন কৰ্মজীৱনৰ পৰা কিছু আঁতৰি মন্ত্ৰীসকলেও ৰাইজৰ সৈতে পূজাৰ আনন্দত মিলিত হোৱা দেখা গৈছে ।

পূজাৰ মণ্ডপে-মণ্ডপে মুখ্যমন্ত্রীকে ধৰি মন্ত্রীগণ

গুৱাহাটী, ২১ অক্টোবৰ : ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ । শুকুৰবাৰে দশভূজা দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ পাছতে ৰাজ্যৰ আকাশে-বতাহে গুঞ্জৰিত হৈছে দেৱীৰ জয়গান । শনিবাৰে শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমী পূজা অনুষ্ঠিত কৰা হয় ।

ৰাজ্যৰ সৰ্বত্ৰে এতিয়া উৎসৱৰ মহাআলোড়ন । শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মনত পূজাৰ অনাবিল আনন্দ । এই আনন্দৰ পৰা বাদ পৰি যোৱা নাই মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-বিধায়কসকলো । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মণ্ডপে মণ্ডপে এতিয়া মন্ত্ৰী-বিধায়কৰ ব্যস্ততা । দৈনন্দিন কৰ্মজীৱনৰ পৰা কিছু আঁতৰি মন্ত্ৰীসকলেও ৰাইজৰ সৈতে পূজাৰ আনন্দত মিলিত হৈছে ।

দুৰ্গোৎসৱৰ সপ্তমীৰ দিনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ দিনটো বৰাকৰ হাইলাকান্দিতে কটায় ৷ হাইলাকান্দিৰ ৰাইজক পূজাত অহাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে । সেই প্ৰতিশ্ৰুতি পূৰণৰ অৰ্থে শনিবাৰৰ দিনটো মুখ্যমন্ত্ৰীয়ে হাইলাকন্দিবাসীৰ সৈতে কটায় । মুখ্যমন্ত্ৰীয়ে হাইলাকান্দি চহৰৰ আশ্ৰম পথস্থিত ভৈৰৱবাৰীৰ শ্ৰীশ্ৰী দুৰ্গা পূজাৰ আধ্যাত্মিক অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যবাসীৰ মংগল কামনাৰে সেৱা আগবঢ়ায় ।

সেইদৰে হাইলাকান্দিৰ লক্ষ্মীচহৰ কালীবাৰী দুৰ্গা পূজা মহোৎসৱতো উপস্থিত থাকি দেৱীৰ শ্ৰীচৰণত সেৱা জনায় মুখ্যমন্ত্ৰীয়ে । তদুপৰি মুখ্যমন্ত্ৰীয়ে হাইলাকান্দিৰ বাণেশ্বৰ শিৱ মন্দিৰত আয়োজিত দুৰ্গা পূজা, বাৰোৱাৰী কালী মন্দিৰত আয়োজিত দুৰ্গা পূজা, ধলেশ্বৰী নৈৰ পাৰৰ বজাৰ কালী মন্দিৰৰ দুৰ্গা পূজা, দুৰ্গাবাৰীত আয়োজিত দুৰ্গা পূজা, হাইলাকান্দিৰ যুৱ সমিতিয়ে আয়োজন কৰা দুৰ্গা পূজা, নেতাজী ৰাইচ মিল পূজা সমিতিয়ে আয়োজন কৰা দুৰ্গা পূজা, কাটলিচেৰা বাছ ষ্টেণ্ড পূজা সমিতিয়ে আয়োজন কৰা দুৰ্গা পূজা, হাইলাকান্দিৰ অতি পুৰণি শিৱবাৰী চৌহদৰ দুৰ্গা পূজাকে ধৰি জিলাখনৰ কেইবাখনো পুজাস্থলীত উপস্থিত হৈ পূজা অৰ্চনা কৰে ।

আনহাতে মুখ্যমন্ত্ৰীয়ে বিয়লি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ধাৰাপুৰৰ সাতখনকৈ পূজাস্থলী দৰ্শন কৰে । মহাঅষ্টমীৰ দিনা ড৹ শৰ্মাই হোজাইৰ লামডিঙত দুৰ্গা পূজা উপভোগ কৰিব । আনহাতে নৱমী আৰু দশমীৰ দিনা সমষ্টি আৰু গুৱাহাটীৰ বিভিন্ন পূজা মণ্ডপ ঘূৰিব মুখ্যমন্ত্ৰীয়ে ।

ইফালে আন মন্ত্ৰীসকলেও বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ । আজি পৱিত্ৰ মহাসপ্তমীৰ দিনা মন্ত্ৰী পীযুষ হাজৰীকাই নগাঁৱৰ কলা মন্দিৰ, সোণাইপাৰ গৌৰীনাথ মন্দিৰ, পানীগাঁৱৰ কালিবাৰী, নগাঁও বেংগলী সন্মিলনী দুৰ্গা পূজা সমিতি, কলংপাৰৰ সাৰ্বজনীন পঞ্চমুখী হনুমান মন্দিৰ আৰু শংকৰ মিছন পথত আয়োজিত সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গোৎসৱত উপস্থিত হৈ মা দুৰ্গাৰ আশীষ গ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে পূজা উপভোগ কৰাৰ লগতে চৰকাৰে ঘোষণা কৰা অনুসৰি তিনিবছৰ পুৰণি পূজা সমিতিসমূহলৈ আৰ্থিক অনুদানৰ চেকসমূহ প্ৰদান কৰে । মন্ত্ৰীগৰাকীক সংগ দিয়ে বিধায়ক ৰূপক শৰ্মা আৰু শশীকান্ত দাসে ।

আনহাতে বিত্তমন্ত্ৰী অজন্তা নেওগে মহাসপ্তমীৰ দিনা গোলাঘাটত দুৰ্গা পূজা উদযাপন কৰে । পূজা মণ্ডপত সেৱা লৈ অসমবাসীক মহাসপ্তমীৰ শুভকামনা জনায় মন্ত্ৰী অজন্তা নেওগে । পুৱাৰে পৰা গোলাঘাট নগৰৰ বিভিন্ন পূজা পণ্ডপত সেৱা আগবঢ়ায় মন্ত্ৰী অজন্তা নেওগে । নগৰৰ সনাতন ধৰ্ম মন্দিৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে দেৱী দুৰ্গাৰ শ্ৰীচৰণত আশীষ লোৱাৰ লগতে হিন্দী স্কুল পূজাৰ নৱনিৰ্মিত মণ্ডপ উদ্ধোধন কৰে ।

ইফালে তিনিচুকীয়াৰ চলিহা নগৰ দুৰ্গা পূজাৰ মণ্ডপৰ ফিটাকাটি শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । তেওঁক সংগ দিয়ে মন্ত্ৰী সঞ্জয় কিষাণে । উল্লেখ্য যে প্ৰায় সংখ্যক মন্ত্ৰীয়ে সমষ্টিবাসীৰ সৈতে দুৰ্গা পূজা উপভোগ কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা উপভোগ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আজি গুৱাহাটীৰ কেইবাখনো পূজা মণ্ডপত উপস্থিত হৈ মহিষমৰ্দিনী দেৱী দুৰ্গাৰ চৰণত সেৱা জনায় । মুঠতে সৰ্বসাধাৰণ ৰাইজৰ লগতে জনপ্ৰতিনিধিসকলো দুৰ্গা পূজাৰ আনন্দত সমানে মতলীয়া হৈ পৰিছে ।

লগতে পঢ়ক: Durga puja at Devi Dol : শিৱসাগৰৰ দেৱী দৌলত দুৰ্গা পূজাৰ ব্যাপক আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.