Tollgates in Assam: টোলগেট স্থাপনৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ; ভৱেশ কলিতা

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 10:03 PM IST

thumbnail

ৰঙিয়া, 29 আগষ্ট: ৰাজ্যত নতুন কৈ স্থাপন কৰা হ’ব 18 খন টোলগেট ৷ ইয়াকে লৈ এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ সৰ্বস্তৰৰ ৰাইজে টোলগেট স্থাপন কৰি ৰাইজৰ মূৰত কৰৰ বোজা জাপি দিয়াৰ বিৰোধিতা কৰিছে ৷ ৰাজ্যত টোলগেট স্থাপনৰ সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

তেওঁ কয় যে টোলগেট স্থাপন কৰাটো কেন্দ্ৰীয় চৰকাৰৰ বিষয় ৷ ইয়াত অসম চৰকাৰৰ কোনো হাত নাই ৷ তেওঁ আৰু কয়, ‘‘মই এজন বিধায়কহে, মোৰ ইয়াত কৰিব লগা একো নাই ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই কথা জানিব ৷’’

ইফালে দাম বৃদ্ধি সন্দৰ্ভত তেওঁ কয় যে আমিও মানুহ, আজি জন্তু নহয়; আমিও বস্তু ক্ৰয় কৰি খাব লাগে ৷ দামবৃদ্ধি হ’লে আমিও প্ৰভাৱিত হওঁ বুলি উল্লেখ কৰি কলিতাই ৷

লগতে পঢ়ক: Tollgate in Assam: অসমত পুনৰ টোলগেট আৰম্ভ কৰিলে তীব্ৰ প্ৰতিবাদ হ’ব; শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.