দৰঙৰ শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে অসম বিধানসভাৰ বিধায়িনী দলে

By

Published : Feb 26, 2023, 10:08 PM IST

thumbnail

দৰং, 26 ফেব্ৰুৱাৰী: শনিবাৰে দৰংস্থিত ছিপাঝাৰ মহাবিদ্যালয় পৰিদৰ্শন কৰে অসম বিধানসভাৰ বিধায়িনী দল (Assam Assembly legislature team ) আৰু স্থায়ী শিক্ষা সমিতিৰ (Assembly peer team) এটা দলে ৷ এই দলটিক সভাপতিত্ব কৰে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে (MLA Paramananda Rajbongshi)। লগতে দলটোৱে দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়কে ধৰি কেইবাখনো শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে (Inspections educational institute in Darrang)।  

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ স্থায়ী সমিতিৰ অতিৰিক্ত সচিব মধুসূদন নাথ, বিধানসভাৰ যুতীয়া সচিব প্ৰদীপ সন্দিকৈ আৰু বিধায়কৰ দল এটাৰ সৈতে অসম বিধানসভাৰ ছয় জনীয়া দল এটাই  জিলাখনৰ ছয়খনকৈ শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে ৷ এই বিধায়িনী দলটোত থাকে বিধায়ক ড° ৰফিকুল ইছলাম (MLA Dr Rafiqul Islam), ৰূপেশ গোৱালা, গণেশ কুমাৰ লিম্বু, ড° পৰমানন্দ ৰাজবংশী, বসন্ত কুমাৰ দাস আৰু আশ্ৰাফুল হুছেইন ৷  

লগতে পঢ়ক: Waterless Jal Jeevan Mission at Kaliabor : জলহীন জলজীৱন; আজিও ৰাজ্যৰ বহু অঞ্চলত ঘোলা পানীৰে পিয়াহ গুচাইছে ৰাইজে

দলটোৱে পৰিদৰ্শন কৰা শিক্ষানুষ্ঠান কেইখন হ’ল ছিপাঝাৰ মহাবিদ্যালয়, দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়, আদৰ্শ বিদ্যালয় -ওন্দোলাঝাৰ, ধুলা হাইস্কুল, দলগাঁও টাউন এল্ পি, স্কুল । পৰিদৰ্শকৰ দলটোৱে দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ পিচতে বিয়লিলৈ খটৰা সত্ৰ আৰু পাথৰিঘাটস্থিত কৃষক শ্বহীদ বাকৰিও পৰিদৰ্শন কৰে ।  

উক্ত পৰিদৰ্শন কালত বিধায়িনী দলটোৰ সৈতে দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে (DC Munindra Nath Ngatey) আৰু জিলাখনৰ শিক্ষাবিভাগৰ বিষয়াসকলো উপস্থিত থাকে । উল্লেখযোগ্য যে মঙলদৈ মহাবিদ্যালয়ত (Mangaldoi college) হোৱা আলোচনাত মহাবিদ্যালয়খনক প্ৰথম শ্ৰেণীৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত কৰিবলৈ চেষ্টা কৰাৰ কথা ব্যক্ত কৰে বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ।

লগতে পঢ়ক: Morigaon police station opening : মৈত্ৰী আঁচনিৰ অধীনত ন ৰূপ পালে মৰিগাঁও আৰক্ষী থানাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.