Morigaon police station opening : মৈত্ৰী আঁচনিৰ অধীনত ন ৰূপ পালে মৰিগাঁও আৰক্ষী থানাই

By

Published : Feb 26, 2023, 5:28 PM IST

thumbnail

মৰিগাঁও, 26 ফেব্ৰুৱাৰী : মৈত্ৰী আঁচনিৰ অধীনত মৰিগাঁও আৰক্ষী থানাই পালে ন-ৰূপ । ১৯২৭ চনতে স্থাপিত মৰিগাঁও সদৰ থানাখন অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত প্ৰায় ৮১ লাখ ৩২ হাজাৰ ৭৫৯ টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হয় (Morigaon police station opening) । শনিবাৰে সন্ধিয়া অসম আৰক্ষীৰ মধ্য মণ্ডলৰ মহা-পৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে থানাখনৰ নৱনিৰ্মিত ভৱনটো ।

মৰিগাঁও সদৰ আৰক্ষী থানাৰ নতুন ভৱন মুকলি অনুষ্ঠানত অংশ লয় মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মা, মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়া । ইয়াৰ পিছতে জিলা খনৰ আৰক্ষী বিষয়াসকলৰে আৰক্ষী মহাপৰিদৰ্শকগৰাকী গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (Morigaon police station get new look under the Maitri scheme) । 

লগতে পঢ়ক : Rowta Police Encounter update: আৰক্ষীৰ গুলীত নিহত কেনাৰাম নে ডিম্বেশ্বৰ; খান্দি উলিওৱা হ’ব মৃতদেহ

আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে সংবাদ মেল সম্বোধন কৰি কয় যে আৰক্ষী থানাৰ অধীনত আছে ৭ বিঘা ৩ কঠা ১৮ লেচা ভূমি । মৰিগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত হৈ আছে ১২০ খন গাঁৱৰ প্ৰায় ১,৫৫,৭৩২ গৰাকী জনসাধাৰণ । থানাখনত আছে পৰিদৰ্শক,  ভাৰপ্ৰাপ্ত আৰক্ষী ১জন, উপ পৰিদৰ্শক ১০জন, সহ উপ পৰিদৰ্শক ৩জন, মুখ্য আৰক্ষী ৬জন, নায়ক ৬জন । থানাখনত মহিলা আৰক্ষী আছে ৫ গৰাকী । 

মধ্য মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে লগতে মৰিগাঁও আৰক্ষী থানাখনক আধুনিক সা-সুবিধা সম্পন্ন এখন থানা হিচাপে তৈয়াৰ কৰি উলিওৱাৰ বাবে চেষ্টা চলোৱা হৈছে বুলি সদৰী কৰে । তেওঁ লগতে মৰিগাঁও সদৰ থানাৰ আৰক্ষীৰ সংখ্যা প্ৰয়োজনত বৃদ্ধি কৰা হ’ব বুলি জানিবলৈ দিয়ে (Inagruation of Morigaon police station)।

লগতে পঢ়ক : BJP president reacts on alliance : ভিতৰি নিজৰ মাজত মিল বৰ্তাই ৰাখে কংগ্ৰেছ-এ আই ইউ ডি এফে; ভৱেশ কলিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.