Rowta Police Encounter update: আৰক্ষীৰ গুলীত নিহত কেনাৰাম নে ডিম্বেশ্বৰ; খান্দি উলিওৱা হ’ব মৃতদেহ

By

Published : Feb 26, 2023, 2:21 PM IST

thumbnail

ৰৌতা, 26 ফেব্ৰুৱাৰী: এক্সট্ৰা জুডিছিয়েল কিলিঙেৰে হিৰো হ’ব খুজিছে নেকি অসম আৰক্ষী ? ৰাজ্যৰ সাম্প্ৰতিক প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে যেন সেয়াই দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যত ইটোৰ সংঘটিত হৈছে ইটোৰ পাচত সিটো এনকাউণ্টাৰ ৷ এতিয়া যেন ৰাজ্যত চলিছে যি কোনো অপৰাধীকেই গুলীয়া হত্যা কৰাৰ অঘোষিত প্ৰতিযোগিতা (Assam police encounter) ৷  

এনকাউণ্টাৰ কৰি অভিলেখ গঢ়িব বিচৰা অসম আৰক্ষীৰ গুলীত এইবাৰ নিহত হ’ল এগৰাকী সাধাৰণ কৃষক ৷ ডকাইত বুলি হত্যা কৰা লোকজনক প্ৰকৃততে আৰক্ষী বিচাৰি ফুৰা কেনাৰাম বসুমতাৰী নে সাধাৰণ কৃষক ডিম্বেশ্বৰ মুছাহাৰী তাকে লৈ অব্যাহত আছে বিভ্ৰান্তি (Rowta Police Encounter)৷  

উল্লেখ্য যে, 24 ফেব্ৰুৱাৰীত আৰক্ষীৰ গুলীত ওদালগুৰি জিলাৰ ৰৌতাত নিহত হৈছিল এজন লোকৰ ৷ আৰক্ষী দাবী কৰিছিল যে, সেই লোকজন আছিল কুখ্যাত ডকাইত কেনেৰাম বসুমতাৰী ৷ কিন্তু এগৰাকী মহিলাই দাবী কৰি কয় যে, আৰক্ষীৰ গুলীত নিহত হোৱা লোকজন আছিল ডিম্বেশ্বৰ মুছাহাৰী ৷ খোদ ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নীয়ে কৰিছে এই দাবী ৷ ইফালে, কেনাৰাম বসুমতীৰ পৰিয়ালে মৃতদেহটো কেনাৰামৰ বুলি দাবী কৰিছে (Rowta encounter update) ৷  

এই ঘটনাক কেন্দ্ৰ কৰি সামাজিক মাধ্যতো অব্যাহত আছে বিতৰ্ক ৷ সেয়েহে এই বিতৰ্ক আৰু বিভ্ৰান্তি দূৰ কৰিবলৈ ওৰাঙৰ পানবাৰীৰ পাচনৈ নদীৰ কাষত পুতি ৰখা মৃতদেহ খান্দি উলিওৱাৰ বাবে চলোৱা হৈছে যো-জা ৷ দণ্ডাধীশৰ উপস্থিত আৰক্ষীয়ে খান্দি উলিয়াব পুতি ৰখা মৃতদেহ ৷ ইয়াৰ পাচতেই প্ৰত্যক্ষ কৰিব ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে (Rowta dacoit encounter news) ৷  

ইফালে, ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে মৃতদেহটো ডিম্বেশ্বৰৰ বুলি প্ৰমাণ দিব পাৰিলে পৰিয়ালক চমজাই দিয়া হ’ব বুলি উল্লেখ কৰিছে কেনাৰাম বসুমতীৰ পৰিয়ালে (Udalguri encounter update) ৷ 

লগতে পঢ়ক: Rowta Police Encounter update : ডকাইত কেনাৰাম বাচিল, আৰক্ষীৰ গুলীত প্ৰাণ গ’ল ডিম্বেশ্বৰ মুছাহাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.