ETV Bharat / state

দেশত পুনৰ নৰেন্দ্ৰ মোদীয়েই প্রধানমন্ত্রী হ'ব : ডিব্ৰুগড়ত দাবী সৰ্বানন্দ সোণোৱালৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 9:54 PM IST

Sarbananda Sonowal : দেশত পুনৰ নৰেন্দ্ৰ মোদীয়েই প্ৰধানমন্ত্ৰী হ'ব বুলি মন্তব্য কৰাৰ লগতে 400 খন আসন পোৱাটো নিশ্চিত বুলি দাবী কৰিছে সৰ্বানন্দ সোণোৱালে ৷ ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় সৰ্বানন্দ সোণোৱালৰ ৷

SARBANANDA SONOWAL
ডিব্ৰুগড়ত দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় সৰ্বানন্দ সোণোৱালৰ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 1 জুন : শনিবাৰে দেশত সামৰণি পৰিল লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ 4 জুনত ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল ৷ ফলাফলৰ দিন চমু চপাৰ লগে লগে সকলো ৰাজনৈতিক দলৰ মাজত হিচাপ-নিকাচ আৰম্ভ হৈছে ৷ ফলাফল ঘোষণাৰ প্ৰাকক্ষণত ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ কাৰ্যালয়ত শনিবাৰে উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ত বিজেপিৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কেবাজনো জ্যেষ্ঠ কাৰ্যকৰ্তাক সম্বৰ্ধনা সৰ্বানন্দ সোণোৱালে ৷

ডিব্ৰুগড়তৰ জিলা বিজেপিৰ কাৰ্যায়লয়ত সৰ্বানন্দ সোণোৱালৰ (ETV BHARAT ASSAM)

এই অনুষ্ঠানত সাংবাদিকৰ সৈতে মুখামুখি হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সোণোৱালে দেশত পুনৰ নৰেন্দ্ৰ মোদীয়েই প্ৰধানমন্ত্ৰী হ'ব বুলি মন্তব্য কৰাৰ লগতে 400 খন আসন পোৱাটো নিশ্চিত বুলি দাবী কৰে ৷ লগতে আজিৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কেঁচা চাহপাত বটলিফ ফেক্টৰীসমূহে গ্ৰহণ নকৰাৰ বিষয়টোক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে ৷

তেওঁ কয় যে, ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব ৷ বৃহৎ চাহ কোম্পানী, বটলিফ ফেক্টৰী আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত আলোচনা কৰি এই সমস্যা সমাধান কৰিব লাগিব ৷ অসমৰ চাহ উদ্যোগটো সুৰক্ষিত কৰিব লাগিব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই অনুষ্ঠানত সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে বিধায়ক প্ৰশান্ত ফুকন, বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি উজ্জ্বল কাশ্যপ, বিজেপি অসম প্ৰদেশৰ সম্পাদক বিকুল ডেকা, ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই আৰু জিলা বিজেপিৰ কৰ্মীসকল ৷

লগতে পঢ়ক : ভোটাৰৰ মনৰ কথা : কোন হ'ব ডিব্ৰুগড়ৰ পৰৱৰ্তী সাংসদ ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.