ETV Bharat / state

Waterless Jal Jeevan Mission at Kaliabor : জলহীন জলজীৱন; আজিও ৰাজ্যৰ বহু অঞ্চলত ঘোলা পানীৰে পিয়াহ গুচাইছে ৰাইজে

author img

By

Published : Feb 26, 2023, 1:04 PM IST

এফালে জল জীৱন মিছনৰ ঢাক-ঢোল, আনফালে বিশুদ্ধ এটুপি পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই ৷ জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব বুলি বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিছিল ৷ কিন্তু বৰ্তমানেও যথেষ্ঠ কষ্ট স্বীকাৰ কৰি ৰাজ্যৰ ভিন্ন অঞ্চলৰ লোকে যোগাৰ কৰিবলগীয়া হৈছে এটুপি পানী (Poor implementation of Jal jeevan mission in Assam) ৷

Waterless Jal Jeevan Mission at Kaliabor
ৰাজ্যত প্ৰহসনত পৰিণত জলজীৱন মিছন আঁচনি

ৰাজ্যত প্ৰহসনত পৰিণত জলজীৱন মিছন আঁচনি

কলিয়াবৰ, 26 ফেব্ৰুৱাৰী : জনসাধাৰণৰ সৰ্বতোপ্ৰকাৰ অভাৱ-অভিযোগ পূৰণ কৰিবলৈ সক্ষম হোৱা বুলি চৰকাৰে দাবী কৰি থকাৰ সময়তে, এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেই একবিংশ শতিকাত ৰাজ্যৰ এটা অঞ্চলৰ মানুহে হাহাকাৰ কৰিবলগীয়া হোৱা দুখৰ ছবি এখন পোহৰলৈ আহিছে ৷ কলিয়াবৰৰ দুই শতাধিক লোকে দশকৰ পিচত দশক ধৰি হাহাকাৰ কৰি আহিছে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে । মাটিৰ কুঁৱাৰ পৰা তোলা পানীৰেই তৃষ্ণা নিবাৰণ কৰিব লগীয়া হৈছে কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাৰ ১ নম্বৰ লাইনৰ কলিয়াবৰ শালকনা বস্তিৰ সৰ্বসাধাৰণে (Jal Jeevan Mission at Kaliabor)।

স্বাধীনতাৰ ৭৬ বছৰৰ পাচতো এটুপি খোৱাপানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । উল্লেখ্য যে, অঞ্চলটোত নাই এটা দমকল, মাত্ৰ এটা কুঁৱাৰেই তৃষ্ণা নিবাৰণ কৰিছে অৰ্ধ শতাধিকৰো অধিক পৰিয়ালে । দীৰ্ঘদিন ধৰি বৰষুণ নহাৰ ফলত খোৱাপানীৰ একমাত্ৰ উৎস কুঁৱাৰ পানীও ক্ৰমাৎ শুকাই আহিছে বুলি জানিবলৈ দিয়ে । যাৰ পৰিপ্ৰেক্ষিতত চিন্তিত হৈ পৰিছে অঞ্চলবাসী (Waterless Jal Jeevan Mission at Kaliabor) ।

দুৰ্ভাগ্যজনক বিষয় যে, অঞ্চলবাসীক বৰ্তমানেও ঢুকি পোৱা নাই চৰকাৰী অভিলাষী জল জীৱন মিছন আঁচনিয়ে । চৰকাৰে জল জীৱন মিছনৰ সাফল‍্যৰ ঢাক-ঢোল কোবাই থকাৰ সময়তে অঞ্চলটোৱে আজিলৈকৈ চৰকাৰৰ এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম নোহোৱাৰ ছবিখন পোহৰলৈ আহিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছনৰ পানী এটুপি আজিলৈকে খাবলৈ নোপোৱা কলিয়াবৰৰ শালকনা বস্তিৰ লোকসকলে বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষৰ গুৰুত্ব আশা কৰাৰ লগতে খোৱাপানীৰ সমস্যা দূৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে (Central Government project Jal Jeevan Mission) ৷

কেন্দ্ৰীয় চৰকাৰৰ এই আচঁনিখনৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰসমূহে বিভিন্ন পৰিকল্পনা যুগুত কৰিছে যদিও ৰাজ্যৰ কোনো প্ৰান্ততে ই সফল ৰূপায়ণ হোৱা পৰিলক্ষিত হোৱা নাই ৷ এই আঁচনিখনৰ সফল ৰূপায়ণৰ জৰিয়তে দেশৰ গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী যোগান ধৰাত সহায়ক হ’ব বুলি আশা কৰা হৈছে যদিও ই কিমান দূৰ সফল হয় তাৰ বাবে বাট চাব লাগিব সময়লৈ ৷

২০২৪ বৰ্ষৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালক টেপ সংযোগী খোৱাপানীৰ সুচল ব্যৱস্থা কৰি তোলাই প্ৰধানমন্ত্ৰীৰ আঁচনি জল জীৱন মিছন আঁচনিৰ লক্ষ্য । তাৰ পাছতো এতিয়াও ৰাজ‍্য তথা দেশত বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে বিশেষ কিছুমান অঞ্চল (Poor implementation of Jal jeevan mission in Assam)। ইয়াৰ বিপৰীতে বিশুদ্ধ খোৱাপানী থকা স্থানতো এই আঁচনিৰ অধীনত খোৱাপানী যোগান ধৰি চৰকাৰ আত্মপ্ৰশংসাত বিভোৰ হৈ থকা দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক : BJP president reacts on alliance : ভিতৰি নিজৰ মাজত মিল বৰ্তাই ৰাখে কংগ্ৰেছ-এ আই ইউ ডি এফে; ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.