DRSC Committee visit: হোজাইত চৰকাৰী আঁচনি সফল ৰূপায়ন হৈছে নে; কি দেখিলে DRSC কমিটিয়ে ?

By

Published : Aug 6, 2023, 11:24 AM IST

thumbnail

হোজাই, 6 আগষ্ট: হোজাইত উপস্থিত অসম বিধানসভাৰ ডি আৰ এচ চি কমিটিৰ 5 জনীয়া এটি বিধায়কৰ দল । হোজাইৰ বিভিন্ন অঞ্চলত চলি থকা চৰকাৰী আঁচনি পৰিদৰ্শন কৰে বিধায়কৰ দলটোৱে । বিধায়ক গোবিন্দ বসুমতাৰীৰ নেতৃত্বত হোজাইলৈ উপস্থিত হয় উক্ত বিধায়কৰ দলটো । বনবিভাগৰ আঁচনি, সমবায়, লংকাৰ ডালমীয়া চিমেন্ট কোম্পানীৰ চ’লাৰ প্লান্ট আদি পৰিদৰ্শন কৰে বিধায়কৰ দলটোৱে ৷  

দলটোত আছিল বিধায়ক নুৰুল হুদা, শিবামনি বৰা, ভূৱন গাম ৷ বৰ্তমান হোজাইৰ বিভিন্ন অঞ্চলত হৈ থকা চৰকাৰী আঁচনিসমূহ সঠিকভাৱে চলি আছে বুলি মন্তব্য কৰে ডি আৰ এচ চি কমিটিৰ কমিটিৰ অধ্যক্ষ গোবিন্দ বসুমতাৰীয়ে ৷ আনহাতে, দুই এটাৰ বাদে সকলো কাম ঠিকে আছে ৷ কিছু কাম সংশোধন কৰিব লাগিব বুলিও মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে ৷

লগতে পঢ়ক : Dhing Suicide case: ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা যুৱকৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.